অসমত নাৰীজনিত অপৰাধৰসংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি

0
329


অসমত নাৰীজনিত অপৰাধ তথা নাৰীৰ ওপৰত চলা অত্যাচাৰৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ ইয়াৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে বিভিন্ন আইন প্ৰৱৰ্তন কৰিছে যদিও সুফল লাভ কৰিবলৈ সক্ষম হোৱা নাই৷ ৰাজ্য চৰকাৰৰ ফালৰ পৰা এইধৰণৰ অপৰাধ সংঘটিত কৰা লোকসকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱা পৰিলক্ষিত হৈছে৷ চৰকাৰৰ ফালৰ পৰা এনেধৰণৰ কুকাৰ্য কৰাসকলৰ কোনো বাছ-বিচাৰ নকৰাকৈয়ে জে’ললৈ প্ৰেৰণ কৰা হৈছে৷ কিন্তু তথাপিও ইয়াৰ ফলপ্ৰসূ সমাধান ওলোৱা নাই৷ ৰাজ্যৰ বিভিন্ন অঞ্চলৰ পৰা নাৰীৰ প্ৰতি কৰা অন্যায়, অত্যাচাৰৰ খবৰ আহিয়েই আছে৷ ৰাজ্যখনত যোৱা ৮ মাহত ৬৩৯টা বলাৎকাৰৰ ঘটনা আৰু ৬৪৩টা হত্যাকাণ্ড সংঘটিত হৈছে৷ এই সময়ছোৱাত সংঘটিত নাৰীজনিত অপৰাধৰ সংখ্যা হৈছে ৪,০৯৮টা৷ যৌতুকজনিত অপৰাধ সংঘটিত হৈছে ৯০৪টা৷ কেৱল এয়াই নহয়, দুষ্টচক্ৰই অসমৰ একাংশ যুৱতীক বহিঃৰাজ্যলৈ লৈ গৈ বিক্ৰী কৰাৰ দৰে ঘটনাও সংঘটিত হৈছে৷ ২০১৬ চনৰ পৰা এতিয়ালৈকে মানৱ সৰবৰাহকাৰী চক্ৰৰ কবলত পৰা ৭০০ মহিলা বহিঃৰাজ্যত উদ্ধাৰ হোৱা ঘটনাই এই ভয়াৱহ ছবিখন স্পষ্ট কৰি তুলিছে৷ অসমত বৰ্ধিত নাৰীজনিত অপৰাধৰ পৰিপ্ৰেক্ষিতত অসম তৃণমূল মহিলা কংগ্ৰেছৰ এটা সঁজাতী দলে অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষাক সাক্ষাৎ কৰি এই কথা অৱগত কৰে৷ দলটোৱে এখন স্মাৰক-পত্ৰৰ জৰিয়তে অসমত নাৰীৰ সুৰক্ষা নিশ্চিত কৰিবলৈকো দাবী জনায়৷ এই সন্দৰ্ভত সংবাদ মাধ্যমক কামৰূপ মহানগৰ জিলা তৃণমূল কংগ্ৰেছৰ সভানেত্ৰী ৰেখা বৰগোহাঁয়ে কয়, অসমত বৰ্ধিত নাৰীজনিত অপৰাধৰ ঘটনাত আমি উদ্বিগ্ন হৈ পৰিছোঁ৷ অসম বিধানসভাত অসম চৰকাৰে দাঙি ধৰা তথ্যত ৰাজ্যখনত দিনক দিনে নাৰী সমাজৰ সুৰক্ষা বিঘ্নিত হোৱাটো স্পষ্ট হৈ পৰিছে৷ ইয়াৰ বাহিৰেও মহানগৰীৰ ভিন্ন প্ৰান্তত মহিলাৰ ডিঙিৰ পৰা চেইন চুৰিৰ ঘটনা নিত্য নৈমিত্তিক ঘটনা হৈ পৰিছে৷ সেয়েহে ৰাজ্যখনত নাৰীৰ ওপৰত ক্ৰমান্বয়ে বাঢ়ি অহা অপৰাধ ৰোধৰ ক্ষেত্ৰত উপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে আমি দাবী জনাইছোঁ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here