আশ্চৰ্য! সিংহতকৈও মানুহকবেছি ভয় কৰে বন্যজন্তুৱে

0
446


সাধাৰণ পৰিৱেশত মানুহে বন্য জীৱ-জন্তুৰ পৰা নিলগত অৱস্থান কৰে৷ পৰ্বত, পাহাৰ, বনাঞ্চলৰ জংঘলত প্ৰৱেশ কৰাৰ সময়ত মানুহে খুব সাৱধানে যাত্ৰা কৰে, নহ’লে কোনমূহূৰ্তত বন্য জীৱ-জন্তুৰ চিকাৰ হ’বলগীয়া হয়, ঠিক নাই৷ বিশেষকৈ বাঘ, সিংহ বিচৰণ কৰা অঞ্চলত ভয়তে মানুহে যাবলৈ সাহস নকৰে৷ কিন্তু শেহতীয়াভাৱে এটা গৱেষণাৰ তথ্যই সকলোৰে ভবাই তুলিছে আৰু কথাটো গল্প-গুজবৰ লেখীয়া যেন বোধ হৈছে৷ কিন্তু আপুনি, মই বিশ্বাস নকৰিলেও একেবাৰে নিখুঁত অধ্যয়নৰ পৰা জানিব পৰা মতে বনৰ ৰজা সিংহতকৈও মানুহক বেছি ভয় কৰে বন্য জীৱ-জন্তুৱে৷ গৱেষণাৰ তথ্যৰ পৰা জানিব পৰা মতে সিংহৰ গৰ্জনতকৈও মানুহৰ কণ্ঠস্বৰত বেছি আতংকিত হয় বন্যপ্ৰাণীবোৰ৷ মানুহৰ কণ্ঠস্বৰ শুনিলে বনত থকা জীৱ-জন্তুবোৰ বেছি আতংক হৈ পৰে আৰু নিৰাপদ ঠাইত আশ্ৰয় গ্ৰহণ কৰে৷ দক্ষিণ আফ্ৰিকাৰ ক্ৰুগাৰ নেশ্যনেল পাৰ্কে কৰা এটা গৱেষণাত এই কথা প্ৰকাশ পাইছে৷ এই গৱেষণাটো কৰিবলৈ বিজ্ঞানীসকলে উক্ত পাৰ্কখনৰ পানীৰ উৎসৰ কাষত কিছুমান স্পীকাৰ ৰাখিছিল৷ এই স্পীকাৰবোৰত তাৰ স্থানীয় ভাষাত মানুহৰ সাধাৰণ কথোপকথন ৰেকৰ্ডিং কৰি ৰাখিছিল৷ দেখা গৈছিল যে মানুহৰ এই কণ্ঠস্বৰ শুনিলে আতংকিত হৈ প্ৰায় ৯৫ শতাংশ বন্যপ্ৰাণীয়েই ভয়ত ভীত হৈ দৌৰি পলাবলৈ চেষ্টা কৰিছিল৷ তাৰ পাছতে সেই একেই পদ্ধতি অৱলম্বন কৰি এইবাৰ সিংহৰ গৰ্জন ৰেকৰ্ডিং কৰি ৰাখিছিল৷ সিংহৰ এই বিকট গৰ্জন শুনিও অন্য বন্যজন্তুৱে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰি সাধাৰণভাৱে চলা ফিৰা কৰিছিল৷ দেখা গৈছিল যে সিংহৰ গৰ্জন শুনি জন্তুবোৰে শব্দৰ উৎপত্তিৰ দিশে আগুৱাই গৈছিল, কিন্তু মানুহৰ কণ্ঠস্বৰৰ শুনি ভয়তে যোজন বাট দৌৰি পলাই ফুৰিছিল৷ এই গৱেষণাৰ ফলাফলৰ পৰা আন এটা বাট মুকলি হোৱাৰ সম্ভাৱনা আছে৷ সাধাৰণতে দুৰ্বল বন্যপ্ৰাণীবোৰৰ সুৰক্ষা দি ৰক্ষা কৰাৰ সম্ভাৱনাও এই পদ্ধতিৰ সহায়ত কৰিব পৰা যায়৷ মানুহৰ এই শব্দ যথাযথভাৱে ব্যৱহাৰ কৰি চিকাৰী প্ৰাণীবোৰৰ পৰা দুৰ্বল শ্ৰেণীৰ প্ৰাণীবোৰক সুৰক্ষা দিয়াত সহায় কৰিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here