আধুনিক সমাজখনত আজিকালি প্ৰায়ভাগ মানুহে কুকুৰ পোহাটো পৰিলক্ষিত হৈছে৷ সচৰাচৰ স্থানীয় কুকুৰৰ বাহিৰেও বহিৰাগত বিভিন্ন প্ৰজাতিৰ কুকুৰ মানুহে প্ৰতিপালন কৰি আহিছে৷ কুকুৰ প্ৰভুভক্ত হোৱাৰ লগতে সহজে পোহ মনাব পৰা বিধৰ বাবে ইয়াক সৰু ল’ৰা-ছোৱালীয়েও সহজে আঁকোৱালি লয়৷ ই নৈশ প্ৰহৰী হিচাপে আমাক সুৰক্ষা দিয়ে৷ বিভিন্ন প্ৰজাতিৰ ভিতৰত মানুহৰ ঘৰত দেখিবলৈ পোৱা কুকুৰৰ জাতবোৰ হ’ল– এলচিচিয়ান, লেব্ৰাডগ, জাৰ্মান চেফাৰ্ড, ৰটৱেলাৰ, ড’বাৰমেন, পাগ আদি৷ এই পোহনীয়া জন্তুবিধ সযতনে ৰাখিবলৈ ইয়াৰ স্বাস্থ্যৰ যতন লোৱাটো অতিকে আৱশ্যক৷ বিশেষকৈ খোৱা-লোৱাৰ ক্ষেত্ৰত যথেষ্ট সাৱধানতা লোৱাৰ প্ৰয়োজন৷ কুকুৰক খাদ্যৰ ক্ষেত্ৰত অতি সহজে হজম হোৱা, পুষ্টিকাৰক, ৰুচিকাৰক খাদ্য দিয়া উচিত৷ হাড় আৰু মাছ কুকুৰৰ সৰু পোৱালিক দিয়াটো অনুচিত৷ গাখীৰ কুকুৰ আৰু পোৱালিৰ কাৰণে অতি উত্তম খাদ্য৷ কুকুৰক কেঁচা মুৰ্গীৰ মাংস কেতিয়াও দিব নালাগে, কাৰণ ইয়াৰ ফলত ইহঁত অন্তঃপৰজীৱীৰ পৰা আক্ৰান্ত হ’ব পাৰে৷ ইহঁতৰ খাদ্যৰ লগত নিয়মিত খনিজ পদাৰ্থ, খাদ্যপ্ৰাণ আদি যোগান ধৰাটো প্ৰয়োজন৷ ইহঁতৰ খাদ্য ৰখা বাচনবোৰ নিয়মিতভাৱে চাবোন আৰু গৰম পানীৰে পৰিষ্কাৰ কৰি ৰাখিব লাগে৷ কিন্তু কাৰ্বলিক এচিড থকা চাবোন ব্যৱহাৰ কৰাটো একেবাৰে নিষিদ্ধ৷ সুস্বাস্থ্য অটুট ৰাখিবলৈ কুকুৰক দৈনন্দিন শৰীৰ চৰ্চা কৰাব লাগে৷ কুকুৰৰ গৰাকীজনে প্ৰতিদিন ইহঁতৰ সৈতে খেলিব লাগে আৰু খোজ কঢ়াব লাগে৷ কুকুৰৰ উপৰিভাগ পৰিষ্কাৰকৈ ৰাখিবলৈ গৰমকালি সপ্তাহত দুবাৰ আৰু শীতকালি দুসপ্তাহ বা তিনি সপ্তাহত এবাৰলৈ গা ধুৱাব লাগে৷ ইয়াৰ বাবে চেলেনিয়াম থকা ছেম্পু বা ছালফাৰ থকা চাবোন ব্যৱহাৰ কৰিলে ভাল৷ কেতিয়াবা কিছুমান কুকুৰৰ অতিৰিক্ত সংখ্যক দাঁত দেখা যায়৷ এনে দাঁতবোৰ বৈজ্ঞানিক পদ্ধতিৰে উভালি পেলাব লাগে, অন্যথা এনে অতিৰিক্ত দাঁতে মুখগহ্বৰত ঘাৰ সৃষ্টি কৰিব পাৰে৷ ইহঁতক শুবলৈ দিয়া ঠাইডোখৰত বিষাক্ত বস্তু ৰাখিব নালাগে৷ শুবলৈ দিয়া বিছনাখন কোমল হ’ব লাগে৷ অসুস্থ কুকুৰক খাদ্য যোগান ধৰাৰ আগতে পশু চিকিৎসকৰ পৰামৰ্শ লোৱাটো উচিত৷ সেয়েহে আহক, ঘৰৰ পোহনীয়া মৰমৰ কুকুৰবোৰৰ খাদ্য তথা স্বাস্থ্যৰ বাবে আমি অকণমান সময় দিওঁ, যাতে সিহঁতেও আপোনাৰ দৰেই এটা সুন্দৰ আৰু স্বাস্থ্যকৰ জীৱন-যাপন কৰিব পাৰে৷ গুৰুজনাই কোৱা কথাষাৰ পুনৰবাৰ আওৰাওঁ আহকচোন– “কুক্কুৰ, শৃগাল, গৰ্দভৰো আত্মাৰাম৷ জানিয়া সবাকো পৰি কৰিবা প্ৰণাম৷”