আপুনি পিন্ধা হেলমেটটোকেনে হোৱা উচিত জানেনে?

0
357


মটৰচাইকেল বা বাইক চলাওঁতে হেলমেট ব্যৱহাৰ কৰাৰ ফলত দুৰ্ঘটনাৰ পৰা আমাক নিৰাপদ দূৰত্বত ৰাখে৷ ইয়াৰ বাহিৰেও ৰাস্তাৰ ধূলি-বালিৰ পৰা নাক-চকু আদিক হেলমেটটোৱে সুৰক্ষা দিয়ে৷ হেলমেটবিহীনভাৱে বাইকত যাত্ৰা কৰাটো নিৰাপদ নহয়৷ ইয়ে গোটেই জীৱনলৈ অমানিশা মাতি আনিব পাৰে৷ বৰ্তমান সময়ত হেলমেট পৰিধান নকৰাৰ ফলতে বাইক দুৰ্ঘটনা হৈ বহুতেই অকাল মৃত্যুক সাবটিবলগীয়া হৈছে৷ সেয়েহে এই ক্ষেত্ৰত অতি সাৱধান হোৱাটো অতি জৰুৰী৷ সেয়েহে বাইক চলাওঁতে হেলমেট পৰিধান কৰক৷ আপুনি পিন্ধা হেলমেটটো কেনে হোৱা উচিত সেই বিষয়ে জানো আহক৷
সাধাৰণতে বাইক চলাই থকাৰ সময়ত হেলমেটৰ ভিতৰত বায়ু চলাচল কৰাটো জৰুৰী৷ হেলমেটৰ ছিদ্ৰবোৰেৰ দ্বাৰা যাতে বায়ু চলাচল কৰিব পাৰে, লক্ষ্য ৰাখিব লাগে, যিযে বাইক চলাওঁতে মূৰ ঠাণ্ডা কৰি ৰাখে৷ ইয়াৰ লগতে বাইক চালনাৰ সময়ত আৰামদায়ক এটি অনুভূতি দিয়ে৷
মাউণ্টেন ৰাইডাৰৰ হেলমেটৰ মুখমণ্ডলক নিৰাপত্তা দিয়াৰ বাবে সন্মুখভাগত এটা বাৰ থাকে, যিয়ে মুখখনক নিৰাপত্তা দিয়ে৷
বাইক তলোৱাৰ সময়ত সূৰ্যৰ ৰশ্মিৰ পৰা ৰক্ষা পাবলৈ পোহৰ প্ৰতিৰোধী গ্লাছযুক্ত হেলমেট ব্যৱহাৰ কৰা ভাল৷
হেলমেটৰ ষ্ট্যাপ ছিষ্টেম অত্যন্ত আৰামদায়ক হোৱা উচিত৷ এই সুবিধাই হেলমেটটো মূৰৰ পৰা খোলা-মেলাত সহজ হয়৷
কিছুমান হেলমেটত দীঘল চুলি থকাসকলৰ সুবিধাৰ বাবে পিছফালে এটা ছিদ্ৰ থাকে৷ এই ছিদ্ৰৰ হেয়াৰপ’ৰ্ট বোলা হয়৷
কম ওজনযুক্ত, মজবুত হেলমেট পৰিধান কৰাটো উচিত৷ ইয়ে মূৰটো পাতল কৰি ৰাখে৷
হেলমেটৰ গ্লাছখন উন্নত মানৰ হোৱাটো জৰুৰী৷ কিয়নো ইয়াত দাগ পৰিলে আগৰ বস্তু চিনিবলৈ যাতে অসুবিধা নহয়৷
আনহাতে হেলমেটৰ গ্লাছখন কেতিয়াও ক’লা বা ৰঙীন হ’ব নালাগে৷ ৰঙীন গ্লাছে সন্মুখত বস্তু দেখাত অসুবিধাৰ সৃষ্টি কৰিব পাৰে, বিশেষকৈ ৰাতিৰ ভাগত কেতিয়াও ৰঙীন গ্লাছ ব্যৱহাৰ নকৰিব৷ আপানাৰ সন্মুখৰ পৰা অইন গাড়ীৰ পোহৰ বিচ্ছুুৰিত হৈ বিপদ ঘটাব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here