উদ্বেগজনক তথ্য : ভাৰতৰ ৩৭ প্ৰজাতিৰ ফুল অস্তিত্বৰ সংকটত

0
280


আমাৰ দেশ ভাৰতবৰ্ষ সেউজীয়া প্ৰকৃতিৰে ভৰা৷ য’লৈকে যোৱা হয় তাতেই পাহাৰ পৰ্বত মালভূ্‌মি বিৰাজমান৷ আদিম যুগৰে পৰা সাগৰ-মহাসাগৰেৰে আৱৰি থকা ভাৰতভূমিত সেয়েহে ঋষিমুনিসকলে তপস্যাৰ অন্যতম ঠাই কৰি লৈছিল৷ ইয়াৰ সেউজীয়া অৰণ্যত পোৱা বিভিন্ন প্ৰজাতিৰ ফল-ফুল আকৌ সোণত সুৱগা চৰায়৷ সেউজীয়া পৰিৱেশ তাহানিৰে পৰা সেই ধাৰা অব্যাহত আছে যদিও মানুহৰ অপকৰ্মৰ ফলত বহু বননি ধবংস হ’ল৷ লাহে লাহে পাহাৰ খনন কৰি মানুহে তাত বসতি স্থাপন কৰিবলৈ ল’লে৷ যাৰ ফলত প্ৰকিৃতৰ বুকুত পোৱা নানা প্ৰজাতিৰ গছ-লতা নাইকিয়া হ’ল৷ কালক্ৰমত মানুহে বনাঞ্চল ধবংসযজ্ঞত অৰণ্যত পোৱা ফল-মূল বিলুপ্ত হ’বলৈ ধৰিলে৷ শেহতীয়া এক সমীক্ষা মতে আজিৰ দিনত ভাৰতৰ মুঠ ৩৭ বিধ প্ৰজতিৰ ফুল সংকটত গৰাহত৷ ভাৰতৰ বনাঞ্চলত উৎপন্ন হোৱা এই ৩৭ বিধ ফুলৰ প্ৰজাতি নিঃশেষ হোৱাৰ পথত৷ জি বি পণ্ট ৰাষ্ট্ৰীয় হিমালয় পৰিৱেশ সংস্থানৰ ছিকিম শাখাত এক গৱেষণাত এই তথ্য প্ৰকাশ পাইছে৷ উক্ত সংস্থানৰ উদ্ভিদ বিজ্ঞানীসকলে দাবী কৰে যে দেশৰ ৩৭ বিধ ফুল প্ৰজাতিৰ বৰ্তমান সময়ত অস্তিত্বৰ সংকটত পৰিছে৷ বিগত বিশ বছৰ ধৰি বিজ্ঞানীসকলে কৰা অধ্যয়নৰ পৰা জনা গৈছে যে বিগত ২৭ বছৰৰ ভিতৰত দেশত পোৱা মুঠ ফুলৰ প্ৰজতিৰ ৩৭ শতাংশ সম্পূৰ্ণৰূপে বিলুপ্তি হ’ব৷ উল্লেখ্য যে বৰ্তমান ভাৰতত মুঠ ১৭৫০০ বিধ ফুল প্ৰজাতি পোৱা যায়৷ আনহাতে সমগ্ৰ বিশ্বতে পোৱা মুঠ ফুলৰ সাত শতাংশ ফুল ভাৰতত উৎপন্ন হয়৷ ছিকিমৰ উক্ত সংস্থাটোৱে প্ৰকাশ কৰা মতে ভাৰতত ইমানসংখ্যক ফুলৰ অস্তিত্বৰ কাৰণ হিচাপে জলবায়ু পৰিৱৰ্তন তথা বিশ্বৰ উষ্ণতা বৃদ্ধিৰ ফল বুলি কোৱা হৈছে৷ পৃথিৱীৰ জলবায়ু পৰিৱৰ্তনৰ পৰিণতিত বনাঞ্চলত উৎপন্ন হোৱা এই ফুলসমূহলৈ ভাবুকি আহি পাৰিছে৷ জলবায়প পৰিৱৰ্তনৰ ফলত বৰষুণৰ পৰিমাণ সাংঘাতিক কম গৈছে৷ ইয়াৰ উপৰি বতৰৰ অস্বাভাৱিক পৰিৱৰ্তনৰ বাবে ফুলসমূহে পৰ্যাপ্ত পানী তথা পৰিৱেশে নোপোৱা বাবে অংকুৰিত নহৈ, উৎপন্ন হোৱাত বাধাৰ সৃষ্টি হৈছে৷ যাৰ পৰিণতিত বছৰি এইসমূহ ফুল ক্ৰমে নোহোৱা হৈ গৈ আছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here