ৰে’লৰ শেষৰ দবাটোত X লিখাৰ অৰ্থ কি জানেনে ?

0
370


ভাৰতৰ যাতায়াত ব্যৱস্থাৰ মূল চালিকা শক্তিয়েই হ’ল ৰে’ল যাতায়াত৷ দেশৰ হাজাৰ হাজাৰ নাগৰিকে এই ৰে’লগাড়ীৰে যাতায়াত সম্পন্ন কৰে৷ অফিচ-কাছাৰী, অৱসৰ বিনোদন, আমোদ প্ৰমোদ, ৰোগী, বৃদ্ধা, চিকিৎসা সেৱা আদি সকলো যাত্ৰীৰ বাবে একেবাৰে কম খৰচী আৰু আৰামদায়ক যাতায়াত ব্যৱস্থাটোৱেই হৈছে ৰে’লৰ যাত্ৰা৷ সেয়ে ভাৰতীয় ৰে’লৱেক দেশৰ জীৱনৰেখা বুলি কোৱা হয়৷ ইয়াৰ জৰিয়তে ভাৰতৰ চৰকাৰেও বছৰি কোটি কোটি টকা ৰাজহ ৰাজকোষলৈ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে৷ এইদৰে দৈনিক ৰে’লেৰে অহা-যোৱা কৰাসকলে ৰে’লৰ বিভিন্ন কথাই অৱগত যদিও ৰে’লৰ একেবাৰে পিচফালৰ দবাটোত ডাঙৰকৈ X আখৰেৰে লিখা থাকে, সেইটো নিশ্চয় প্ৰত্যক্ষ কৰিছে৷ এতিয়া কথা হ’ল ৰে’লৰ পাছত দবাটোত এনেদৰে X কিয় শব্দটো লিখা থাকে আৰু ইয়াৰ অৰ্থ কি আপুনি জানেনে? হয়, ভাৰতবৰ্ষত চলি থকা প্ৰত্যেকখন যাত্ৰীবাহী ৰে’লৰ পিছফালৰ দবাটো ডাঙৰলৈ X লিখা থাকে৷ প্ৰধানতঃ ৰে’লৰ শেষৰ দবাটোত থকা এই চিহ্নটো বগা আৰু হালধীয়া ৰঙৰ৷ যাত্ৰীবাহী ৰে’লৰ পাছৰ দবাটোত এই চিহ্নটো থকা বাধ্যতামূলক৷ ইয়াৰ লগতে ৰে’লৰ পাছফালে ৰে’ল যাত্ৰীসকলে নিশ্চয় LV লিখাও দেখিছে৷ ইয়াৰ উপৰি ৰে’লৰ পাছফালে ৰঙা টিকটিকীয়া ৰঙৰ ৰঙা লাইটৰ পোহৰো দেখিবলৈ পাইছে৷ আচলতে এইবোৰ চিহ্ন ৰে’ল বিভাগৰ একো একোটা সংহিতা৷ যিবোৰৰ জৰিয়তে ৰে’লৰ সুৰক্ষা তথা নিৰাপত্তাৰ দিশবোৰ জড়িত হৈ আছে৷ যদি ৰে’লগাড়ীত এই চিহ্নবোৰ নাথাকে, তেন্তে বুজিব লাগিব যে ৰে’লখন কিবা সমস্যাৰ সন্মুখীন হৈছে অথবা ৰে’লৰ দবা হেৰুৱাইছে৷ আনহাতে ৰে’লৰ শেষত থকা এই চিনবোৰে ৰে’লৱে কৰ্মচাৰীসকলকো এক সতৰ্কতা হিচাপে কাম কৰে৷ ৰে’ল কৰ্মচাৰীয়ে এনে চিহ্নবিহীন ৰে’ল দেখিলেই কোনো দুৰ্ঘটনা হোৱাৰ আগতেই ৰে’লৰ যাত্ৰীৰ সুৰক্ষা তথা নিৰাপত্তাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব পাৰে৷ দবাটোৰ শেষত লিখা থকা Xৰ লগতে এখন সৰু ব’ৰ্ড LV লিখা থাকে৷ LV অৰ্থ হ’ল শেষ বাহন বা শেষৰ বাকচ৷ এই Xএ ৰে’ল ট্ৰেকত কাম কৰা কৰ্মচাৰীসকল জনাই দিয়ে যে ই ৰে’লখনৰ শেষৰ দবাটো৷ তেতিয়া কৰ্মচাৰীয়েও ট্ৰেকত নিশ্চিতভাৱে কাম কৰিব পাৰে৷ আনহাতে এই ক্ষেত্ৰত যদি ৰে’লৰ শেষৰ দবাটোত এইধৰণৰ কোনো চিন নাথাকে, তেনেহ’লে স্পষ্ট হ’ব যে এয়া জৰুৰীকালীন অৱস্থা৷ তেনেহ’লে বুজিব লাগিব যে ৰে’লখনৰ কিছু দবা ৰে’লখনৰ পৰা বিচ্ছিন্ন হৈ পৰিছে৷ ৰে’ল কৰ্মচাৰীসকলৰ জৰিয়তে ইয়াৰ পৰাই পাছত ৰে’লখন দুৰ্ঘটনা হোৱাৰ পৰা বচাব পৰা যায়৷ আনহাতে ৰে’লৰ পিছফালে থকা উজ্জ্বল ৰঙৰ পোহৰে ৰে’ল কৰ্মচাৰীসকলক নিৰ্দেশ দিয়ে যে ৰে’লখন কৰ্মীসকলে কাম কৰি থকা ঠাই এৰি গৈছে৷ আনহাতে শীতকালি ঘন কুঁৱলীৰ ফলত ৰে’লখন স্পষ্টকৈ দেখা নাপাই বিভিন্ন সময়ত দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা থাকে৷ কিন্তু ৰে’লৰ দবাৰ পিছফালে থকা এই উজ্জ্বল পোহৰে ৰে’ল অহাৰ সংকেত দিয়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here