সমীক্ষা : ডায়েবেটিছ ৰোগৰ অন্যতম কাৰণ বায়ু প্ৰদূষণ

0
297


বৰ্তমান সমগ্ৰ বিশ্বতে ডায়েবেটিছ ৰোগে ভয়ানকভাৱে বিস্তাৰ লাভ কৰিছে৷ ডায়েবেটিছ ৰোগীৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পাবলৈ লৈছে৷ ইয়াৰ প্ৰধান কাৰণ হিচাপে খাদ্যবস্তুৰ ভেজালকৰণ, খাদ্যাভ্যাস, আৰামপ্ৰিয় জীৱনশৈলী, বংশগত কাৰণ, মানসিক চিন্তা, মানসিক চাপ, শাৰীৰিক শ্ৰম শূন্য জীৱন-যাপন আদি৷ সেয়েহে ডায়েবেটিছ ৰোগক চাইলেণ্ট কিলাৰ বুলি কোৱা হয়৷ শেহতীয়াভাৱে প্ৰকাশিত এক সমীক্ষাই সকলোকে আচৰিত কৰিছে৷ প্ৰকাশিত তথ্য মতে বায়ু প্ৰদূষণে ডায়েবেটিছ ৰোগত প্ৰভূত অৰিহণা যোগায়৷ বায়ু প্ৰদূষণ হৈ পৰিছে ডায়েবেটিছ ৰোগৰ প্ৰধান কাৰণ৷ উল্লেখ্য যে দিল্লী আৰু চেন্নাইত চলোৱা এক সমীক্ষা মতে বায়ু প্ৰদূষণৰ ফলত শেহতীয়াভাৱে বহু লোক মধুমেহত আক্ৰান্ত হৈছে৷ সমীক্ষা অনুসৰি দিল্লী আৰু চেন্নাইত বায়ু প্ৰদূষণৰ কাৰণে টাইপ-২ ডায়েবেটিছ ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে৷ ইতিমধ্যে এই সমীক্ষাৰ সবিশেষ বি এম জে মেডিকেল জাৰ্নালত প্ৰকাশিত হৈছে৷ গৱেষণা কৰি পোৱা মতে বায়ুমণ্ডলত পি এমৰ বৃদ্ধি পোৱা স্তৰে শৰীৰত শৰ্কৰাৰ পৰিমাণ বৃদ্ধিত অৰিহণাা যোগায়৷ উল্লেখ্য যে ডায়েবেটিছ ৰোগৰ কাৰণ যে বায়ু প্ৰদূষণো হ’ব পাৰে, এই কথা প্ৰথমবাৰৰ বাবে পোহৰলৈ আহে৷ হিচাপ মতে বৰ্তমান ভাৰতত ডায়েবেটিছত ভোগা লোকৰ সংখ্যা ১০ কোটিতকৈও বেছি৷ এনে অৱস্থাত বায়ু বৃদ্ধি পোৱা প্ৰদূষণে অনাগত দিনত ভয়াৱহ সমস্যাৰ সৃষ্টি কৰিব৷ বিশেষকৈ গ্ৰামাঞ্চলতকৈ নগৰাঞ্চলত বায়ু প্ৰদূষণৰ মাত্ৰা দিনক দিনে বৃদ্ধি পোৱালৈ লক্ষ্য ৰাখি অনাগত দিনত নগৰত বাস কৰা লোকসকল ডায়েবেটিছত অধিক হাৰত আক্ৰান্ত হ’ব বুলি ধাৰণা কৰা হৈছে৷ সেয়ে সময় থাকোঁতে সকলোৱে সজাগ তথা সচেতন হোৱাটো একান্তই কাম্য৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here