উচ্চতম ন্যায়ালয়ে দেৱালীত ফট্‌কা,ফুলজাৰিৰ ব্যৱহাৰত নিষেধাজ্ঞা বলৱৎ

0
278


সমাগত দেৱালীৰ প্ৰতি লক্ষ্য ৰাখি সৰ্বোচ্চ ন্যায়ালয়ে ফটকা ফুটোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে৷ উচ্চতম ন্যায়ালয়ে কয় যে ফটকা-ফুলজাৰি ফুটোৱাৰ বিৰুদ্ধে দিয়া নিৰ্দেশ কেৱল দিল্লী আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহতে নহয়, সকলো ৰাজ্যতে প্ৰযোজ্য হ’ব৷ উচ্চতম ন্যায়ালয়ৰ নিৰ্দিষ্ট ফটকা-ফুলজাৰিৰ ব্যৱহাৰ নিষেধাজ্ঞা বলৱৎ কৰিবলৈ তথা বায়ু আৰু শব্দ প্ৰদূষণ হ্ৰাস কৰিবলৈ ৰাজস্থান চৰকাৰে নিৰ্দেশ দিবলৈ জনোৱা এক আৱেদনৰ শুনানিত উচ্চতম ন্যায়ালয়ে এই অভিমত দিয়ে৷ আৱেদনকাৰীয়ে উচ্চতম ন্যায়ালয়ক কয়, ‘এটা ধাৰণা আছে যে ন্যায়ালয়ৰ নিৰ্দেশ সমগ্ৰ দেশত নহয়, কেৱল দিল্লী-এন চি আৰতহে প্ৰযোজ্য৷’ সেয়ে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ এ এছ বোপান্না আৰু এম এম সুন্দৰেশৰ পীঠে ৰাজস্থানক ন্যায়ালয়ৰ পূৰ্বৰ নিৰ্দেশলৈ মন দিবলৈ কয় তথা সকলো ৰাজ্যকে বায়ু প্ৰদূষণ হ্ৰাস কৰিবৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে, বিশেষকৈ দেৱালীৰ দৰে উৎসৱৰ বতৰত৷ উল্লেখ্য যে ন্যায়ালয়ে পূৰ্বে বেৰিয়াম আৰু নিষিদ্ধ ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা পাৰম্পৰিক ফটকা-ফুলজাৰিত নিষেধাজ্ঞা জাৰি কৰি থৈছিল৷ কিয়নো ফটকাত ব্যৱহাৰ কৰা বেৰিয়াম নাইট্ৰেটে বায়ু আৰু শব্দ প্ৰদূষণ বৃদ্ধি কৰে৷ অৱশ্যে পাৰম্পৰিক ফটকা-ফুলজাৰিৰ বিপৰীতে আজিকালি পৰিৱেশ সচেতন কোম্পানীয়ে গ্ৰীন ক্ৰেকাৰ বা সেউজ আতচবাজী প্ৰস্তুত কৰিছে য’ত বেৰিয়াম ব্যৱহাৰ নহয়৷ ২০১৮ চনৰ ২৩ অক্টোবৰত এক ঐতিহাসিক ৰায়ত উচ্চতম ন্যায়ালয়ে গ্ৰীন ক্ৰেকাৰ বা সেউজ আতচবাজীৰ বাহিৰে পাৰম্পৰিক ফটকা-ফুলজাৰিৰ ব্যৱহাৰ নিষিদ্ধ কৰিছিল৷ আনহাতে দিল্লীৰ মান গুৰুতৰ হৈ থকা অৱস্থাত ন্যায়ালয়ে দিল্লীৰ কাষৰীয়া পঞ্জাব, হাৰিয়ানা, উত্তৰ প্ৰদেশ আৰু ৰাজস্থানক তাৎক্ষণিকভাৱে নৰা জ্বলোৱা বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে৷ দিল্লী-এন চি আৰৰ বায়ু প্ৰদূষণ বিষয়ত শুনানি গ্ৰহণ কৰি ন্যায়াধীশ সঞ্জয় কিষাণ কৌল আৰু ন্যায়াধীশ সুধাংশু ধূলীয়াৰ পীঠে কয় যে ন্যায়ালয়ে ‘প্ৰদূষণৰ বাবে মানুহক মৰিবলৈ এৰি দিব’ নোৱাৰে৷ আনহাতে দিল্লীৰ পৌৰ নিগমে মুকলিকৈ গোটা আৱৰ্জনা নজ্বলোৱাটো নিশ্চিত কৰিবলৈও পীঠে দিল্লী চৰকাৰক নিৰ্দেশ দিয়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here