কৃষকসকলে দেশ তথা ৰাষ্ট্ৰ এখনক মুখ্য উৎপাদন ক্ষমতাক প্ৰতিনিধিত্ব কৰে৷ খাদ্য উৎপাদনৰ ক্ষেত্ৰত কৃষক অবিহনে ইয়াৰ জনসাধাৰণতে লঘোণে থাকিব লাগিব৷ কৃষকৰ উৎপাদিত সামগ্ৰীৰ ওপৰত নিৰ্ভৰ কৰিয়েই দেশৰ নাগৰিকে জীৱন নিৰ্বাহ কৰে৷ কিন্তু শেহতীয়াভাৱে দেখা গৈছে যে বিভিন্ন প্ৰাকৃতিক দুৰ্যোগৰ ফলত সমগ্ৰ বিশ্বৰে কৃষক যথেষ্ট ক্ষতিৰ সন্মুখীন হৈছে৷ বিভিন্ন কাৰণত কৃষকে উৎপাদিত সামগ্ৰী ফচল নাপাই মূৰে-কপালে হাত দিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে৷ শেহতীয়াভাৱে ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থাৰ এখন প্ৰতিবেদনত এই কথা পোহৰলৈ আহিছে৷ দ্য ইমপেক্ট অব ডিজেষ্টাৰ্ছ অন এগ্ৰিকালচাৰ এণ্ড ফুড ছিকিউৰিটি নামৰ প্ৰতিবেদনখনত প্ৰকাশ পোৱা মতে প্ৰতিবছৰে খাদ্য শস্য নষ্ট হোৱাত সমগ্ৰ বিশ্বৰ কৃষকসকলে গড়ে ১০.২৪ কোটি টকা লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে৷ প্ৰতিবেদনখনত লগতে উল্লেখ কৰা হৈছে যে যোৱা ৩০ বছৰত বিভিন্ন কাৰণত গড়ে ৬.৭ কোটি টন খাদ্য শস্য নষ্ট হৈছে৷ ইয়াৰ ফলত কৃষকসকলৰ অৱস্থা বেয়া ফালে গতি কৰিছে৷ আনহাতে কৃষকসকলে শস্য উৎপাদনৰ পাছত ইয়াৰ উপযুক্ত মূল্য নাপায় বুলিও কোৱা হৈছে৷ ৰাষ্ট্ৰসংঘৰ সংস্থাটোৱে প্ৰকাশ কৰে যে ২০২১ চনত জাপান আৰু ভিয়েটনামত উৎপাদিত শাক-পাচলি আৰু ফল-মূলৰ সমপৰ্যায়ৰ এই ক্ষতিৰ পৰিমাণ বুলিও উল্লেখ কৰে৷ উক্ত প্ৰতিবেদনখনত লগতে এইবুলিও কোৱা হৈছে যে কৃষিখণ্ডত প্ৰাকৃতিক দুৰ্যোগৰ বাবে এছিয়া মহাদেশত সৰ্বাধিক ক্ষতি হোৱাৰ কথা উল্লেখ কৰিছে৷