ইউনেস্ক’ ক্ৰিয়েটিভ চিটিজ নেটৱৰ্কতগোৱালিয়ৰ, কোঝিকোড় অন্তৰ্ভুক্ত

0
268


প্ৰতিবছৰে ইউনেস্ক’ই বিশ্বৰ যিকোনো মহানগৰ এখনৰ ওপৰত সমীক্ষা চলাই ইয়াৰ ক্ৰিয়েটিভ চিটিজ নেটৱৰ্কত স্থান নিশ্চিত কৰে৷ এই তালিকা প্ৰস্তুতৰ বাবে ইউনেস্ক’ই নিজাববীয়াকৈ বিভিন্ন দেশৰ নগৰ মহানগৰসমূহ সমীক্ষা চলায়৷ ইউনেস্ক’ৰ ক্ৰিয়েটিভ চিটিজ নেটৱৰ্কত এইবাৰৰ তালিকাত ভাৰতবৰ্ষৰ গোৱালিয় আৰু কেৰালাৰ কোঝিকোড় মহানগৰ দুখনে স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ গোৱালিয়ৰ আৰু কোঝিকোড় ইউনেস্ক’ ক্ৰিয়েটিভ চিটিজ নেটৱৰ্কত [ইউ চি চি এন] অন্তৰ্ভুক্ত হোৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনন্দ প্ৰকাশ কৰে আৰু কয় যে ভাৰতৰ সাংস্কৃতিক প্ৰাণৱন্ততা বিশ্ব মঞ্চত জিলিকি উঠিছে৷ উল্লেখ্য যে ইউ চি চি এনত নতুনকৈ ৫৫খন মহানগৰক অন্তৰ্ভুক্ত কৰা হৈছে৷ সেইসমূহৰ ভিতৰত ভাৰতৰ গোৱালিয়ৰ আৰু কোঝিকোড়ো আছে৷ গোৱালিয়ৰক সংগীতৰ [মিউজিক] শ্ৰেণীত আৰু কোঝিকোড়ক সাহিত্যৰ শ্ৰেণীত এই সন্মানীয় তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে৷ এই সাফল্যৰ বাবে প্ৰধানমন্ত্ৰীয়ে মহানগৰ দুখনৰ জনসাধাৰণক অভিনন্দন জনায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here