এতিয়াৰ পৰা চৰকাৰী-বেচৰকাৰী চিকিৎসামহাবিদ্যালয়ৰ ৰেংকিং স্থিৰ কৰা হ’ব

0
256


২০২৪-২৫ শিক্ষা বৰ্ষৰ পৰা দেশৰ চৰকাৰী আৰু বেচৰকাৰী চিকিৎসা মহাবিদ্যালয়সমূহৰ স্থান নিৰ্ণয় কৰা হ’ব সিবিলাকে দিয়া শিক্ষাৰ মানৰ ভিত্তিত৷ চিকিৎসা শিক্ষা প্ৰতিষ্ঠানসমূহৰ স্থান [ৰেটিংছ] মূল্যায়নৰ বাবে নেশ্যনেল মেডিকেল কমিছনে [এন এম চি] জুলাইত কোৱালিটি কাউন্সিল অব ইণ্ডিয়াৰ সৈতে বুজাবুজিৰ এখন চুক্তিত [এম অ’ ইউ] স্বাক্ষৰ কৰে৷ বৰ্তমান কেৱল চৰকাৰী চিকিৎসা মহাবিদ্যালয়সমূহে নেশ্যনেল ইনষ্টিটিউশ্যনেল ৰেংকিং ফ্ৰেমৱৰ্কত [এন আই আৰ এফ] অংশগ্ৰহণ কৰিবলৈ বাধ্য৷ এন এম চিৰ এথিকছ এণ্ড মেডিকেল ৰেজিষ্ট্ৰেশ্যন ব’ৰ্ডৰ সদস্য ডাঃ যোগেন্দ্ৰ মালিকে এই কথা কয়৷ তেওঁ কয় যে ছাত্ৰ-ছাত্ৰীসকলে যাতে সঠিক চিকিৎসা মহাবিদ্যালয়খন বাছি ল’ব পাৰে তাৰ বাবে এতিয়াৰ পৰা চৰকাৰী-বেচৰকাৰী সকলো চিকিৎসা মহাবিদ্যালয়ৰ ৰেংকিং [স্থান] স্থিৰ কৰা হ’ব৷ বিভিন্ন মান বিবেচনা কৰা হ’ব আৰু সেইমতে স্থান নিৰ্ণয় কৰা হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here