অসমত ৫০খন বিছনাযুক্ত আয়ুৰ্বেদিকচিকিৎসালয়খন আনুষ্ঠানিকভাৱে উদ্বোধন

0
580


দুধনৈত স্থাপন কৰা ৫০খন বিছনাযুক্ত আয়ুৰ্বেদিক চিকিৎসালয়খন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ভাৰত চৰকাৰৰ বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুস¸ মন্ত্ৰ্যালয়ৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ ৰাষ্ট্ৰীয় আয়ুস অভিযান, অসমৰ সহযোগত গোৱালপাৰা জিলা প্ৰশাসনে নৱনিৰ্মিত দুধনৈৰ আয়ুৰ্বেদিক চিকিৎসালয়খনৰ চৌহদত আয়োজন কৰা উদ্বোধনী অনুষ্ঠানটোত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালৰ লগতে ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, গুৱাহাটীৰ সাংসদ কুইন ওজা, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া টংকেশ্বৰ ৰাভা ভাৰত চৰকাৰৰ আয়ুস¸ মন্ত্ৰ্যালয়ৰ উচ্চপদস্থ বিষয়াসকল চিকিৎসালয়খন উদ্বোধনৰ সময়ত উপস্থিত থাকে৷ কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে ফিতা কাটি চিকিৎসালয়খনৰ দ্বাৰ মুকলি কৰাৰ লগতে বন্তি প্ৰজ্বলন আৰু শিলাফলক মুকলি কৰে৷ উদ্বোধনী অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ পাঁচ হাজাৰ বছৰ পুৰণি আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিক আজিৰ একৈশ শতিকাৰ বিশ্বই বিজ্ঞানসন্মত বুলি স্বীকাৰ কৰি আঁকোৱালি লৈছে আৰু ইয়ে আমাৰ দেশখনৰ প্ৰাচীন সভ্যতাক প্ৰতিষ্ঠিত কৰিছে৷ প্ৰাকৃতিক উপাদান, পঞ্চকৰ্ম আৰু যোগাসন আদি ভাৰতীয় পৰম্পৰাগত চিকিৎসা পদ্ধতি সমগ্ৰ বিশ্বত জনপ্ৰিয় হৈ পৰিছে৷ বিশ্বৰ বজাৰত ভাৰতে ইয়াৰ জৰিয়তে চলিত বিত্তীয় বৰ্ষত ৪.৫ লাখ কোটি টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে৷ দুধনৈৰ এই ৫০খন বিছনাযুক্ত আয়ুৰ্বেদিক চিকিৎসালয়খনৰ চৌহদতে অহা দুবছৰৰ ভিতৰত কেন্দ্ৰীয় আয়ুস¸ মন্ত্ৰ্যালয়ে অসমৰ দ্বিতীয়খন আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয় স্থাপন কৰিব বুলি সোণোৱালে ঘোষণা কৰে৷ ভাৰত চৰকাৰৰ আয়ুষ্মান ভাৰত যোজনাৰ দৰে অসম চৰকাৰেও ‘আয়ুষ্মান অসম মুখ্যমন্ত্ৰী জন সুৰক্ষা যোজনা’ নামৰ স্বাস্থ্য বীমা আঁচনিখন প্ৰৱৰ্তনৰ কথা উল্লেখ কৰে৷ সৰ্বানন্দ সোণোৱালে কয়, দুধনৈ আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহৰ জনগণে এতিয়া ভাৰতৰ আয়ুৰ্বেদৰ সমৃদ্ধ ঐতিহ্যৰ সুফল লাভ কৰিব পৰা হোৱাত মই অত্যন্ত আনন্দিত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here