গুগ্‌ল এ আয়ে বিচাৰি উলিয়াইছেপৃথিৱী ধ্বংস হোৱাৰ চাৰিটা কাৰণ

0
359


পৃথিৱীৰ সৃষ্টি হৈছিল কোটি কোটি বছৰৰ আগতে৷ ইয়াৰ পাছত প্ৰায় প্ৰতি ছেকেণ্ডতে পৃথিৱীত কিবা এটা নহয় এটা পৰিৱৰ্তন হৈ আহিছে৷ এই পৰিৱৰ্তনবোৰৰ বিষয়ে বিজ্ঞানীসকলে অধ্যয়ন কৰি আছে৷ বিজ্ঞানীসকলে এইবুলি মত প্ৰকাশ কৰিছে যে মানুহে পৃথিৱীক ইমানেই অত্যাচাৰ কৰিছে যে অচিৰেই প্ৰকৃতিয়ে ইয়াৰ প্ৰতিশোধ লোৱাৰ সম্ভাৱনা আছে৷ কিন্তু প্ৰকৃতিয়ে কেনেকৈ প্ৰতিশোধ ল’ব সেই বিষয়ে কাৰো হাতত কোনোধৰণৰ তথ্য নাই৷ একাংশ বিশেষজ্ঞৰ মতে, কেইবা কোটি বছৰৰ আগতে পৃথিৱীত ডাইন’ছৰ আছিল৷ সেই সময়ত উল্কাপিণ্ডই পৃথিৱীক খুন্দা মাৰে আৰু ডাইন’ছৰ নোহোৱা হৈ পৰে৷ তেনেধৰণৰ প্ৰলয়ৰ পৃথিৱীত পুনৰ সৃষ্টি হ’ব পাৰে বুলি কোৱা হৈছে৷ কিন্তু এতিয়া কৃত্ৰিম বুদ্ধিমত্তাই পৃথিৱী ধবংস হোৱাৰ কাৰণ বিচাৰি উলিয়াইছে৷ গুগ্‌ল আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ছফ্‌টৱেৰ বাৰ্ডে পৃথিৱী কেনেকৈ ধবংস হ’ব তাৰ এক ভৱিষ্যদ্বাণী কৰিছে৷ গুগ্‌ল কৃত্ৰিম বুদ্ধিমত্তাই পৃথিৱী ধ্বংস হোৱাৰ চাৰিটা কাৰণ বিচাৰি উলিয়াইছে৷ ডেইলী ষ্টাৰে পৃথিৱী কেনেকৈ ধবংস হ’ব বুলি সোধাত এই কৃত্ৰিম বুদ্ধিমত্তাৰ উন্নত সংস্কৰণে কেইটা আশ্চৰ্যকৰ কাৰণ উল্লেখ কৰে৷ কিন্তু লগতে এই কথাও স্পষ্ট কৰি দিয়ে যে পৃথিৱীত সৃষ্টি হোৱা ধবংসলীলাৰ পাছত পুনৰ ফলে-ফুলে জাতিষ্কাৰ হৈ পৰিব ধৰিত্ৰী৷ গুগ্‌ল বাৰ্ডৰ মতে, পৃথিৱী ধবংস হোৱাৰ আটাইতকৈ বেছি সম্ভাৱনা আছে পাৰমাণৱিক যুদ্ধৰ জৰিয়তে৷ ইয়াৰ উপৰি প্ৰাকৃতিক কাৰণতো পৃথিৱী ধবংস হ’ব পাৰে৷ ইয়াত উল্কাপিণ্ডই পৃথিৱীক খুন্দা মৰাৰ সম্ভাৱনাৰ বিষয়েও কোৱা হৈছে৷ পৃথিৱী ধবংস হোৱাৰ তৃতীয়টো কাৰণ হঠাতে পৃথিৱীৰ বতৰৰ পৰিৱৰ্তন বুলি কোৱা হৈছে৷ পৃথিৱীত হঠাতে বতৰৰ এনেধৰণৰ পৰিৱৰ্তন হ’ব যে মানুহ জীয়াই থকাটো অসম্ভৱ হৈ পৰিব৷ গুগ্‌ল আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ছফ্‌টৱেৰ বাৰ্ডে পৃথিৱী ধবংস হোৱাৰ চতুৰ্থটো কাৰণ আ(ৰ্যজনক আছিল৷ কিয়নো বাৰ্ডে কৰা ভৱিষ্যদ্বাণী অনুসৰি পৃথিৱী ধবংসৰ কাৰণ নিজেই অৰ্থাৎ কৃত্ৰিম বুদ্ধিমত্তা বুলি কয়৷ বাৰ্ডে কয় যে এটা সময়ত কৃত্ৰিম বুদ্ধিমত্তাই ইমান বেছি অগ্ৰগতি লাভ কৰিব যে পৃথিৱীৰ পৰা মানুহৰ চিন-মোকাম নোহোৱা কৰি পেলাব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here