হিমালয়ৰ হিমবাহৰ পৰা সৃষ্ট হ্ৰদেসৃষ্টি কৰিব পাৰে মহা প্ৰলয়ৰ

0
168


বিজ্ঞানীসকলে নেপালত হোৱা ভূমিকম্প আৰু ছিকিমত হোৱা জলপ্ৰলয়ৰ মাজত সম্পৰ্কৰ বিষয়ে অধ্যয়ন কৰি আছে৷ এই কথা কৈ অহা হৈছে যে ই এক পৰিৱেশৰ সৈতে জড়িত সমস্যা আৰু সেইটো হ’ল হিমালয়ত অঞ্চলত হিমবাহৰ পৰা সৃষ্টি হোৱা হ্ৰদে যিকোনো সময়তে মহা প্ৰলয়ৰ সৃষ্টি কৰিব পাৰে৷ এই হ্ৰদবোৰৰ প্ৰাকৃতিক বান্ধ ভাগিলে তাত থকা পানীয়ে নামনি অংশ তচনচ কৰি পেলোৱাৰ আশংকা আছে৷ হিমালয় অঞ্চলত এনেধৰণৰ ভালেমান হ্ৰদ আছে৷ মাটি আৰু শিলেৰে ঘেৰি থকা এই হ্ৰদবোৰক বৈজ্ঞানিকসকলে টাইম বোমা বা জলবোমা বুলিও অভিহিত কৰিছে যিবিলাকৰ যিকোনো মুৰ্হূততে ভাগিব পাৰে৷ ইয়াৰ কাৰণ হ’ল পৃথিৱীৰ উষ্ণতা বৃদ্ধি পোৱাৰ লগে লগে হিমবাহৰ বৰফ গলিবলৈ ধৰিছে৷ ইয়াৰ ফলত হ্ৰদবোৰত পানীৰ পৰিমাণ অহৰহ বৃদ্ধি পাই গৈ আছে৷ পানীৰ পৰিমাণ বৃদ্ধি পোৱাৰ ফলত হ্ৰদবোৰৰ প্ৰাকৃতিক বান্ধৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে৷ এই প্ৰাকৃতিক বান্ধ ভাগিলে নামনি অংশত মহা দুৰ্যোগৰ সৃষ্টি হ’ব৷ ‘ডাউন টু আৰ্থ’ত প্ৰকাশ পোৱা এখন প্ৰতিবেদনৰ মতে, হিমালয়ৰ ভাৰত, চীন আৰু নেপালৰ অংশত হিমবাহৰ পৰা সৃষ্টি হোৱা প্ৰায় ৩৯টা হ্ৰদ আছে৷ এই হ্ৰদবোৰত পানীৰ পৰিমাণ ২০০৯ চনৰ পাছত ৪০% বৃদ্ধি পাইছে৷ এই হ্ৰদবোৰে ভাৰতৰ ৯খন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলত মহা প্ৰলয়ৰ সৃষ্টি কৰিব পাৰে৷ এই হ্ৰদবোৰত সতৰ্ক দৃষ্টি ৰখাৰ প্ৰয়োজন বুলি প্ৰতিবেদনত কোৱা হৈছে৷ নেচাৰ কমিউনিকেশ্যনত প্ৰকাশ পোৱা এক তথ্য মতে কৃত্ৰিম উপগ্ৰহৰ পৰা লাভ কৰা তথ্য অনুসৰি হিমালয়ত হিমবাহৰ পৰা সৃষ্টি হোৱা হ্ৰদবোৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে চলন্ত টাইম বোমাৰ দৰে৷ মনকৰিবলগীয়া যে হিমবাহ হ্ৰদ বৃহৎ পানীৰ ভাণ্ডাৰ৷ হিমবাহৰ পানী গলিবলৈ ধৰাৰ লগে লগে হ্ৰদৰ পানীও বৃদ্ধি পাবলৈ ধৰে আৰু পানীয়ে যিকোনো ফালে গতি কৰিবলৈ বিছাৰি কাষৰ শিল আৰু মাটিৰ প্ৰাকৃতিক বান্ধত তীব্ৰ চাপৰ সৃষ্টি কৰে৷ এই প্ৰাকৃতিক বান্ধৰ দুৰ্বল অংশ পানীৰ চাপত ভাঙি দুৰ্যোগৰ সৃষ্টি কৰিব পাৰে৷ আনহাতে উত্তৰ পূৰ্বাঞ্চলৰ সকলো অঞ্চলত দুৰ্যোগ নমাব পৰা এনে হ্ৰদৰ পানী ৪০-৬০% বৃদ্ধি পাইছে৷ ২০২০ চনৰ অক্টোবৰত হিমালয়ৰ প্ৰায় ১৩৬টা হিমবাহৰ আকাৰ ২০% পৰ্যন্ত বৃদ্ধি পাইছে৷ হিমালয়ৰ হিমবাহৰ পৰা হোৱা হ্ৰদৰ পানী এনেদৰে বৃদ্ধি পোৱাটো উদ্বেগজনক৷ উল্লেখ্য যে নেপালত হোৱা ৬.২ প্ৰাবল্যৰ ভুমিকম্পই ছিকিমৰ এটা হ্ৰদৰ পৰিসীমা এক তৃতীয়াংশ কমাই পেলোৱাৰ ফলত ডাৱৰ বিস্ফোৰণৰ পিছত হোৱা প্ৰবল বৰষুণৰ পানী হ্ৰদটোৱে ধৰি ৰাখিব নোৱাৰৰ পৰিণতিতে ৰাজ্যখনত তিস্তা নদীৰ নামি অহা ১০-১৫ ফুট উচ্চতাৰ পানীৰ ধলে নিমিষতে তাৰ বৃহৎ অঞ্চলক ধবংসস্তূপত পৰিণত কৰিছিল৷ তেনে প্ৰেক্ষাপটত ভুমিকম্প প্ৰৱণ উত্তৰ-পূবত এই হিমাবাহ সৃষ্ট হ্ৰদবিলাকে কেতিয়াবা কেনেধৰণ দুৰ্যোগ নমাব পাৰে সেয়া সহজেই অনুমেয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here