ছেৰাপুঞ্জীৰ বৃষ্টিপাতকে ধৰিভাৰতৰ ৬০টা অভিলেখগীনিজ বুক অব্‌ ৱৰ্ল্ড ৰেকৰ্ডছত অন্তৰ্ভুক্ত

0
455

মেঘালয়ৰ ছেৰাপুঞ্জীৰ বৃষ্টিপাতকে ধৰি ভাৰতৰ ৬০টা অভিলেখ গীনিজ বুক অব্‌ ৰেকৰ্ডছৰ শেহতীয়া সংস্কৰণত অন্তৰ্ভুক্ত হৈছে৷ উল্লেখ্য যে গীনিজ বুক ২০২৪ত আছে বিশ্বৰ ২৬৩৮টা অভিলেখ আৰু ইয়াৰ ভিতৰত ভাৰতে ৬০টা অভিলেখ লাভ কৰিছে৷  ইয়াৰ ভিতৰত ভাৰতবৰ্ষৰ আটাইতকৈ পুৰণি অভিলেখটো হ’ল বৃষ্টিপাত সম্পৰ্কীয়৷ গীনিজ বুকৰ মতে ১৯৯৫ চনৰ ১৫-১৬ জুনত মেঘালয়ৰ ছেৰাপুঞ্জীত সম্পূৰ্ণ ৪৮ ঘণ্টাত ২.৪৯৩ মিটাৰ বৰষুণ হৈছিল৷ ই হৈছে ৪৮ ঘণ্টাত হোৱা আটাইতকৈ বেছি বৰষুণ৷ আনহাতে ১৮৬১ চনৰ জুলাইত ৯৩০০ মিলিমিটাৰ অৰ্থাৎ ৩৬৬ ইঞ্চি বৰষুণেৰে ছেৰাপুঞ্জীয়ে অভিলেখ সৃষ্টি কৰি থৈছে৷ তেনেদৰে এবছৰত হোৱা বৰষুণৰ ভিতৰত ১৮৬০ চনৰ এক আগষ্টৰ পৰা ১৮৬১ চনৰ ৩১ জুলাইলৈ ৪,৪৬১ মিলিমিটাৰ বৃষ্টিপাতেৰে ছেৰাপুঞ্জীয়ে অভিলেখ ৰচনা কৰিছিল৷ গীনিজ ৱল্ডৰ্ ৰেকৰ্ড লাভ কৰা ভাৰতৰ আনকেইটাৰ ভিতৰত কেৰালাৰ তিৰুৱনন্তপুৰমৰ শংকুমুঘম বীচ্ছ থকা দৈৰ্ঘ্য ৪.৫ মিটাৰ আৰু ৭.৬ মিটাৰ উচ্চতাৰ জলকঁুৱৰীৰ মূৰ্তি, ছয়খন মহাদেশ গাড়ীৰে এপাক মৰা প্ৰথম আৰু দ্ৰুততম পুৰুষ মহিলা চালু চৌধুৰী আৰু তেওঁৰ পত্নী নীনা চৌধুৰী, ত্ৰিপুৰাৰ মুৰুৱাই গাঁৱৰ  ‘ৰমেজ’ নামৰ এবিধ বাঁহীৰ দৰে বাদ্য বজোৱা তথা পৰম্পৰাগত পানীৰ পাত্ৰ বজোৱা জাৰলং, অসমৰ বিহু বৃহত্তম বিহু নৃত্য নচা আদি৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here