বিশ্বৰ প্ৰথম ৰব’টিক অধ্যক্ষস্কুল পৰিচালনা কৰিব কৃত্ৰিম বুদ্ধিমত্তাই

0
129


কৃত্ৰিম বুদ্ধিমত্তাই [এ আই] মানুহৰ স্থান ল’বগৈ বুলি বিশেষজ্ঞসকলে বাৰম্বাৰ সকীয়াই আছে৷ ইয়াৰ আৰম্ভণি ইতিমধ্যে হৈছেই৷ ব্ৰিটেইনত এতিয়া এখন স্কুল পৰিচালনা কৰিব কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা নিয়ন্ত্ৰিত এটা ৰবটে৷ ই হ’ল বিশ্বৰ প্ৰথম ৰব’টিক অধ্যক্ষ৷ এই ৰবটটোৰ নাম ৰখা হৈছে অবিগেল বেলী৷ এই ৰবটটোৱে স্কুলৰ অধ্যক্ষৰ দায়িত্বৰ লগতে আন ভালেমান কামৰ দায়িত্ব গ্ৰহণ কৰিব৷ ইয়াৰ লগতে স্কুলখনৰ শিক্ষক আৰু শিক্ষাৰ্থীক সহায় কৰিব৷ সংবাদ মাধ্যমত প্ৰকাশ কৰা অনুসৰি এ আই ৰবটে ‘অধ্যক্ষ প্ৰধান শিক্ষক’ৰ দায়িত্ব গ্ৰহণ কৰিব ব্ৰিটেইনৰ পশ্চিম ছাছেক্সৰ কটেছমৰ স্কুলত৷ এই কৃত্ৰিম বুদ্ধিমত্তা ৰবটটোৱে ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন বিষয়ৰ জ্ঞান দিব আৰু সৰল ভাষাত বুজাত সহায় কৰিব৷ ইয়াৰ লগতে স্কুলৰ শিক্ষক-শিক্ষয়িত্ৰীসকলকো সহায় কৰিব৷ স্কুলখনে ৰব’টিক অধ্যক্ষ নিযুক্ত কৰিবলৈ লোৱাৰ সিদ্ধান্তৰ লয় স্কুল পৰিচালনা সহজ কৰি তোলাৰ কাৰণে৷ স্কুলখনে কয় যে কেতিয়াবা কাৰোবাক সহায় কৰাৰ বাবে এনে ব্যক্তি বা বস্তুৰ উপস্থিতিৰ প্ৰয়োজন যাৰ ইতি শান্ত প্ৰভাৱ থাকে৷ বিদ্যালয়খনৰ মতে যিকোনো ধৰণৰ পৰামৰ্শৰ কাৰণে উচ্ছ প্ৰশিক্ষিত এ আই ৰবটৰ উপস্থিতিয়ে বহুখিনি উপকাৰ সাধন কৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here