ৰঙা মূলা স্বাস্থ্যৰ বাবেকিমান উপকাৰী জানেনে?

0
165


এতিয়া শীতকালত সাধাৰণতে খোৱা শাক-পাচলিৰ দিন আৰম্ভ হৈছে৷ এই সময়ছোৱাত বজাৰত বিভিন্ন ধৰণৰ শাক-পাচলি পোৱা যায়৷ ইয়াৰ ভিতৰত অন্যতম হ’ল ৰঙা মূলা৷ মূলাৰ খেতি সমগ্ৰ বিশ্বতে কৰা হয়৷ ৰঙা মূলাৰ বাকলিটোহে ৰঙা৷ ইয়াৰ ভিতৰৰ অংশটো বগা৷ সতেজ হৈ থকা অৱস্থাত ৰঙা মূলাৰ সোৱাদ অলপ মিঠা৷ ৰঙা মূলা স্বাস্থাৰ বাবে যথেষ্ট উপকাৰী৷ ইয়াত আন মূলাৰ তুলনাত ৮০-১০০ শতাংশ অধিক এণ্টিঅক্সিডেণ্ট থাকে৷ ই শৰীৰ কোষবোৰৰ মেৰামতি কৰাত সহায় কৰে৷ ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানে [আই চি এ আৰ] এই কথা প্ৰকাশ কৰিছে৷ আই চি এ আৰে লগতে কয় যে ৰঙা মূলাত এন্থ’চিয়ানিনো থাকে, যি তেজত শৰ্কৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে৷ ৰঙা মূলাত থকা ফেন’লেক্সে বিষ আৰু মাংসপেশী ফুলটো প্ৰতিৰোধ কৰে৷ খাদ্য বিশেষজ্ঞসকলৰ মতে, ৰঙা মূলা লিভাৰৰ কাৰণে উপকাৰী৷ ই জণ্ডিচৰ লক্ষণ দূৰ কৰাত সহায় কৰে৷ ইয়াৰ লগতে ৰঙা মূলা আঁহযুক্ত হোৱাৰ কাৰণে পাচন প্ৰক্ৰিয়া শক্তিশালী কৰে৷ ই ভোক কমোৱাত সহায় কৰে৷ যিহেতু ৰঙা মূলাত চৰ্বি নাথাকে আৰু কেলৰি তথা কাৰ্ব’হাইড্ৰেট সীমিত সেয়েহে শৰীৰৰ ওজন বৃদ্ধি নকৰে৷ সাধাৰণতে ৰঙা মূলা খালে কোনো ধৰণৰ পাশ্বৰ্ক্ৰিয়া নহয়৷ কিন্তু নিশাৰ ভাগত কেঁচা মূলা খাব নালাগে৷ নিশা নিয়মীয়াকৈ ৰঙা মূলা খালে কফ হ’ব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here