জন্তুৰ প্ৰতি থকা স্নেহৰ বাবে চাকৰি এৰিলে৷ এতিয়া সাপৰ জীৱন বচোৱাত ব্ৰতী হৈ পৰিছে বেংগালুৰুৰ এজন ব্যক্তি৷ শ্বোৱেব নামৰ এই ব্যক্তিজনে যোৱা কুৰি বছৰে সাপৰ জীৱন বচাই আহিছে৷ বহুদিনৰ আগতে তেওঁ নিয়মীয়াকৈ এজন বন্ধুৰ সৈতে খোজ কাঢ়িছিল৷ এদিন পুৱা তেওঁলোকে খোজ কাঢ়ি থাকোঁতে এঠাইত কেইবাজনো মানুহে হাতত লাঠী লৈ কিবা এটা খেদি খেদি ফুৰা আৰু পাছত মৰিয়াই মৰিয়াই হত্যা কৰা দেখা পালে৷ পাছত তেওঁ জানিব পাৰিলে যে এই লোকসকলে এডাল বিষাক্ত সাপ মৰিয়াই মৰিয়াই মাৰি পেলালে৷ সেই সময়ত শ্বোৱেব ২২ বছৰীয়া আছিল৷ তেওঁ ঘটনাটোত হতাশ হ’ল আৰু সাপডাল মৰা লোকসকলৰ ওচৰলৈ গৈ তেওঁলোকক বুজনি দিলে যে সাপে কাৰো অন্যায় নকৰে আৰু সেয়েহে সাপ মাৰিব নালাগে৷ সেই স্থানৰ পৰা উভতি অহাৰ পাছত তেওঁৰ বন্ধুজনে শ্বোৱেবক পৰামৰ্শ দিলে যে তেওঁ সাপ বচোৱাৰ অভিযানত লাগিব পাৰে৷ লগে লগে শ্বোৱেবে অভিযান আৰম্ভ কৰি দিলে৷ প্ৰথম অৱস্থাত তেওঁলৈ ভালেমান লোকে ফ’ন কৰিছিল৷ আৰু কেইদিনমানৰ পাছতে আনুষ্ঠানিকভাৱে এই কামত আগবাঢ়ে৷ সাপ বচোৱাৰ অভিযান চলাই থকাৰ কাৰণে শ্বোৱেবে আনকি বি পি অ’ৰ চাকৰিও ত্যাগ কৰে৷ শ্বোৱেবে যোৱা কুৰি বছৰত সাত হাজাৰতকৈ অধিক সাপৰ জীৱন ৰক্ষা কৰিছে৷ ইয়াৰ ভিতৰত অধিকাংশ হ’ল ফেঁটী সাপ৷ মন কৰিবলগীয়া যে ভাৰতত বিষাক্ত সাপৰ প্ৰায় ৬০টা প্ৰজাতি আছে৷ ইয়াৰ ভিতৰত আটাইতকৈ বিষাক্ত হ’ল ৰজা ফেঁটী৷ সাপধৰাৰ বাবে প্ৰথম অৱস্থাত তেওঁলৈ দৈনিক ১৫-২০জন ব্যক্তিয়ে ফ’ন কৰিছিল, কিন্তু এতিয়া ইয়াৰ সংখ্যা হ্ৰাস পাইছে৷ ইয়াৰ কাৰণ হ’ল তেওঁ ছাত্ৰ-ছাত্ৰীকো এই কলা শিকাই-বুজাই নিজৰ অভিযানৰ সৈতে জড়িত কৰিছে৷