অসমৰ দুগৰাকী ছাত্ৰীৰ ভূগৰ্ভৰপানীৰ স্তৰ বৃদ্ধিৰ উপায় উদ্ভাৱন

0
1002


ভূগৰ্ভৰ পানী উদ্বেগজনকভাৱে পাই অহা আৰু ইয়াৰ সুদূৰপ্ৰসাৰী পৰিণামৰ বিষয়ে ৰাজ্যৰ তেজপুৰৰ দুগৰাকী ছাত্ৰীৰ অধ্যয়নপুষ্ট ব্যাখ্যাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়৷ বহনক্ষম জল ব্যৱস্থাপনা শীৰ্ষক গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত শিক্ষাৰ্থী দুগকাৰীৰ গৱেষণালব্ধ আলোকপাতে আন শিক্ষাৰ্থীসকলৰ লগতে সকলোকে উদ্বুদ্ধ কৰে৷ উল্লেখ্য যে তেজপুৰ বঙালী বালক উচ্ছতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত এই বিশেষ সজাগতা সভাত ভূগৰ্ভৰ পানী সম্পৰ্কত গুৰুত্বপূৰ্ণ আলোকপাত কৰা ছাত্ৰী দুগৰাকী হৈছে তেজপুৰ ছেইণ্ট যোছেফ কনভেণ্ট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী অভিস্পিতা কাশ্যপ আৰু চেনোৰিটা কাশ্যপ৷ শিক্ষানুষ্ঠানখনে অনুষ্ঠিত কৰা এই সজাগতা অনুষ্ঠানৰ উদ্দেশ্য আছিল সেই অঞ্চলটোৰ ভূগৰ্ভৰ পানীৰ স্তৰ উদ্বেগজনকভাৱে হ্ৰাস হোৱা আৰু ইয়াৰ পৰিণামৰ বিষয়ে শিক্ষাৰ্থীসকলক অৱগত কৰি বৈজ্ঞানিক সমাধান সূত্ৰ উলিওৱা৷ ইয়াৰ সমাধান স্বৰূপে ছাত্ৰী দুগৰাকীয়ে ভূগৰ্ভৰ পানী হ্ৰাসৰ বিষয়ে আলোকপাত ককৰে আৰু অনতিপলমে ইয়াৰ ব্যৱস্থা নল’লে এই প্ৰৱণতাই অঞ্চলটোৰ জনসাধাৰণৰ মাজত গভীৰ প্ৰভাৱ পেলাব পাৰে, তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷ তেওঁলোকে উল্লেখ কৰে যে যদি অতি সোনকালে ইয়াৰ নিৰ্ণায়ক পদক্ষেপ লোৱা নহয়, তেন্তে ভৱিষ্যতে অঞ্চলটোত তীব্ৰ পানীৰ সংকটে দেখা দিব পাৰে৷ ইয়াৰ লগতে ছাত্ৰী দুগৰাকীয়ে তেওঁলোকল সহশিক্ষাৰ্থীসকলক ভূগৰ্ভৰ পানী মিতব্যয়ী ব্যৱহাৰ কৰিবলৈ আহবান জনায়৷ ছাত্ৰী দুগৰাকীয়ে ভূগৰ্ভৰ পৰিশোধিত বৰ্জিত পানী পুনৰ ভূগৰ্ভলৈ কেনেকৈ পঠাই ভূগৰ্ভস্থ পানীৰ স্তৰ উন্নত কৰিব পাৰি, তাৰ উপায় সন্দৰ্ভতো আলোচনা কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here