উচ্চতম ন্যায়ালয়ৰ সমলিংগবিবাহৰ আইনী বৈধতা খাৰিজ

0
384

দেশৰ সৰ্বোচ্চ ন্যয়ালয় উচ্চতম ন্যায়ালয়ে দেশৰ বহুলভাৱে চচিত হৈ থকা এটা বিষয় সমলিংগৰ বিবাহৰ সন্দৰ্ভত এক বহু প্ৰতীক্ষিত ৰায় প্ৰদান কৰে৷ মহামান্য আদালতে সমলিংগৰ বিবাহক আইনী বৈধতা দিবলৈ অসন্মতি প্ৰকাশ কৰে৷ অৰ্থাৎ সমলিংগ বিবাহ আইনী বৈধতাৰ পৰা বঞ্চিত হ’ল৷ ছুপ্ৰীম ক’ৰ্টৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত পাঁচজনীয়া সাংবিধানিক পীঠখনে বহুচৰ্চিত এই ৰায়দান প্ৰদান কৰি সমলিংগৰ বিবাহ আইনী বৈধতা বিচৰা আৱেদন খাৰিজ কৰে৷ উচ্চতম ন্যায়ালয়ে এই সমলিংগৰ বিবাহৰ ক্ষেত্ৰত থকা এই আইনখন খাৰিজ কৰাৰ পাছত এই সন্দৰ্ভত এতিয়া কেন্দ্ৰ আৰু ৰাজসমূহে সিদ্ধান্ত ল’ব বুুলিও উল্লেখ কৰে৷ আনহাতে উচ্ছতম ন্যায়ালয়ে সমলিংগ বিবাহত জড়িত দম্পতী যাতে যৌনতাৰ আধাৰত বৈষম্যৰ বলি নহয়, তাৰ বাবে গুৰুত্ব দিবলৈ কেন্দ্ৰ আৰু ৰাজ্যসমূহক পৰামৰ্শ দিয়ে৷ এই বিবাহ সম্পৰ্কে সৰ্বোচ্চ আদালতখনে কয় যে আইনে সমলিংগ বিবাহৰ কাৰণে অধিকাৰক স্বীকৃতি নিদিয়ে৷ এই ক্ষেত্ৰত সংসদে আইন প্ৰস্তুত কৰিব পাৰে৷ কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ৰ এই ৰায়ক আদৰণি জনায় আৰু কয় যে এই ৰায়দানে দেশৰ সভ্যতা-সংস্কৃতিৰ দিশটোক সঠিক দিশেৰে লৈ যাব৷ অৱশ্যে এই ৰায়ক বহুতেই সমালোচনাও কৰা দেখা গৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here