ভয়াৱহ সংক্ৰমণৰ আগজাননী৮বিধ অতি বিপজ্জনক ভাইৰাছ আৱিষ্কাৰ

0
333


কৰ’না ভাইৰাছে সৃষ্টি কৰা ভয়াৱহ পৰিস্থিতিৰ কথা নৌপাহৰোঁতেই চীনৰ বৈজ্ঞানিকসকলে আন এক ভয়াৱহ সংক্ৰমণৰ আগজাননী দিছে৷ দেশখনৰ বৈজ্ঞানিকৰ এটা দলে এইবুলি জনাইছে যে তেওঁলোকে ৮বিধ নতুন অতি বিপজ্জনক ভাইৰাছ আৱিষ্কাৰ কৰিছে৷ এই ভাইৰাছকেইবিধ মানুহৰ শৰীৰলৈ কৰ’নাৰ দৰে তীব্ৰগতিত সংক্ৰমণ হ’ব পাৰে৷ ইয়াৰ ফলত বিশ্বত পুনৰ এক মহামাৰীয়ে দেখা দিব পাৰে বুলি বৈজ্ঞানিকৰ দলটোৱে সতৰ্ক কৰি দিছে৷ ডেইলী মেইলে এই বাতৰি দি লগতে প্ৰকাশ কৰিছে যে চীনৰ বৈজ্ঞানিকসকলে ভৱিষ্যতে হ’ব পৰা মহামাৰীৰ বিষয়ে গৱেষণা কৰি আছে৷ তেওঁলোকে কৰা গৱেষণাৰ সময়ত চীনৰ হেনান দ্বীপৰ পৰা নিগনিৰ ৭০০টা নমুনা সংগ্ৰহ কৰিছিল৷ এই নমুনাবোৰক লৈ কৰা গৱেষণাৰ সময়ত তেওঁলোকে আঠবিধ নতুন ভাইৰাছৰ আৱিষ্কাৰ কৰে৷ ইয়াৰে এবিধ ভাইৰাছ কৰ’নাৰ সমানে ভাইৰেল পৰিয়ালৰ৷ এই গৱেষণাৰ প্ৰতিবেদন প্ৰকাশ পাইছে ভিৰ’লগিকা ছিনিকাত৷ এই বিজ্ঞান বিষয়ক বাৰ্তালোচনীখন চীনৰ এছ’চিয়েশ্যন অব্‌ ছায়েন্স এণ্ড টেকনলজিৰ সৈতে জড়িত৷ ডেইলী মেইলত প্ৰকাশ পোৱা অনুসৰি এই অধ্যয়নটো কৰা হৈছিল ২০১৭-২০২১ সময়ছোৱাত৷ সেই সময়ত দ্বীপটোৰ বিভিন্ন স্থানৰ পৰা নিগনিৰ মলদ্বাৰ আৰু ডিঙিৰ পৰা ৬৮২টা নমুনা সংগ্ৰহ কৰিছিল৷ পাছত এই নমুনাসমূহ গৱেষণাগাৰলৈ প্ৰেৰণ কৰা হৈছিল৷ গৱেষণাগাৰত কৰা বিশ্লেষণৰ সময়ত কেইবাটাও নতুন ভাইৰাছৰ সন্ধান পোৱা গৈছিল৷ কৰ’না ভাইৰাছৰ সৈতে একেধৰণৰ ভাইৰাছবিধৰ নাম দিয়া হৈছে চি অ’ ভি-এইচ এম ইউ-১৷ আন ভাইৰাছকেইটাৰ ভিতৰত দুটা পেষ্টিভাইৰাছ পোৱা গৈছে, যাৰ পীত জ্বৰ আৰু ডেংগুৰ লগত সম্পৰ্ক আছে৷ আন এবিধ ভাইৰাছে পেটত সংক্ৰমণৰ সৃষ্টি কৰে৷ আনহাতে, কেঞ্চাৰ ৰোগৰ সৃষ্টি কৰা দুবিধ ভাইৰাছো তেওঁলোকে আৱিষ্কাৰ কৰিছে৷ চীনৰ বিজ্ঞানীৰ দলটোৱে এইবুলিও মত প্ৰকাশ কৰিছে যে পৃথিৱীৰ কম জনসংখ্যাৰ স্থানবোৰত আন ভালেমান অজ্ঞাত ভাইৰাছ লুকাই থাকিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here