গ্ৰীষ্মপ্ৰধান দেশ হোৱাৰ কাৰণে ভাৰতবৰ্ষত নিৰ্দিষ্ট ঋতুৰ উপৰিও বেলেগ সময়তো ফ্লু তথা অন্যান্য ৰোগৰ সংক্ৰমণ দেখা যায়৷ এনে সময়ত ভিটামিন-চি সমৃদ্ধ কিউই খালে যথেষ্ট উপকাৰী পাব পাৰি৷ এই ফলবিধে শৰীৰত ভিটামিন-চি নাটনি পূৰণ কৰে৷ উল্লেখনীয় যে আমাৰ দেশত কিউই খুব এবিধ পৰিচিতি ফল নহয় বাবে বহুতৰে এই ফলবিধৰ লগত চিনা পৰিচয় নাই অথবা এই ফলবিধৰ গুণাগুণৰ বিষয়ে নাজানে৷ সেয়ে এই কিউই ফল উপকাৰিতাৰ বিষয়ে অলপ জনাব বিচাৰিছোঁ৷
নৰম আৰু সেউজীয়া-মুগা বৰণৰ এই ফলবিধ টেঙা-মিঠা আৰু সুস্বাদুৰে ভৰা৷ কিউইত প্ৰচুৰ পৰিমাণে ভিটামিন আৰু মিনাৰেল পোৱা যায়, যি স্বাস্থ্যৰ বাবে অত্যন্ত দৰকাৰ৷ ভিটামিন-চি, ভিটামিন-কে, ভিটামিন-ই, ফলেট তথা পটেচিয়াম আৰু ফাইবাৰৰ এই ফলবিধ চমৎকাৰ উৎস৷ পুষ্টিবিদৰ মতে এণ্টিঅক্সিডেণ্টেৰে ভৰপূৰ এই কিউই ফল বিভিন্ন ৰোগ নিৰাময় কৰাত কাৰ্যকৰী ভূমিকা গ্ৰহণ কৰে৷
কিউই শৰীৰৰ চৰ্বি বা ফেট কমোৱাত বিশেষভাৱে সহায় কৰে৷ এই ফলে ৰক্তচাপ নিয়ন্ত্ৰণ তথা তেজ জমা হোৱাৰ বাধা প্ৰতিৰোধত বিশেষভাৱে কাৰ্যকৰী৷ তেজত কলেষ্টৰেলৰ মাত্ৰা কমাই নিয়ন্ত্ৰণ ৰখাত কিউই সহায় কৰে৷ এছপিৰিন বেছিভাগ কাৰ্ডিঅ’ভাস্কুলাৰ ৰোগ প্ৰতিৰোধ বা কমাত ব্যৱহাৰ কৰা হয়৷ দীৰ্ঘসময় এনেদৰে ব্যৱহাৰৰ কাৰণে এচিডিটি আৰু আলচাৰৰ দৰে ৰোগ সৃষ্টি কৰিব পাৰে৷ এটা গৱেষণাত দেখা হৈছে যে প্ৰতিদিনে দুই বা তিনিটা কিউই খালে প্ৰাকৃতিকভাৱে তেজ পাতল ৰখাত সহায় কৰে৷ ইয়াৰ লগতে হাৰ্ট সু্স্থ ৰখাত কিউই উপকাৰী৷ কিউই নিয়মিতভাৱে খালে শৰীৰৰ ক্ষতিকৰ কলেষ্টৰেলৰ পৰিমাণ কমি যায়৷ কিউই ফাইবাৰেৰে সমৃদ্ধ হোৱা বাবে হজমশক্তি উন্নত কৰাত সহায় কৰে৷ ফাইবাৰৰ উপৰি ইয়াত অক্টিনিডিন এনজাইম পোৱা যায়, যিয়ে প্ৰ’টিন হজম কৰাত সহায় কৰে৷ পুষ্টিবিদে গুৰু আহাৰ খোৱাৰ পাছত কিউই খোৱাৰ পৰামৰ্শ দিয়ে৷ আনহাতে কিউইত নৰম ৰেছক জাতীয় পদাৰ্থ থাকে, যি পাচনতন্ত্ৰক কাৰ্যকৰীভাৱে কাম কৰাত সহায় কৰে৷ ইয়াৰ লগতে কিউই ফলে দুৰ্বল পৰিপাকতন্ত্ৰৰ উন্নতিৰ সহায়ক৷ কিউই ফলে আমাৰ চকুৰ মেকুলাৰ ডিজেনাৰেশ্যনৰ পৰা ৰক্ষা কৰাত সহায় কৰে৷ যি নেকি দৃষ্টিশক্তি হ্ৰাসৰ এটা প্ৰাথমিক কাৰণ৷ এটা গৱেষণা অনুসৰি প্ৰতিদিনে তিনিটা কিউই খালে মেকুলাৰ ডিজেনাৰেশ্যন প্ৰায় ৩৬ শতাংশ পৰ্যন্ত কমি যায়৷ কিয়নো কিউইত জেক্সানথিন তথা লুটিনৰ দৰে এণ্টিঅক্সিডেণ্ট থাকে৷