বাৰে বাৰে চাহ গৰম কৰি খালেহ’ব পাৰে শৰীৰৰ মাৰাত্মক ক্ষতি

0
248


প্ৰায়ভাগ মানুহৰে পুৱা শুই উঠিয়েই একাপ ধোঁৱা বলি থকা চাহ খোৱাটো এটা অভ্যাস৷ কিছুমানে আকৌ বিছনাৰ পৰা উঠি চাহকাপ নাখালে একো কামেই কৰিব নোৱাৰে৷ মুঠতে চাহ খোৱাৰ ক্ষেত্ৰত বিভিন্নজনৰ ভিন্ন ৰকমৰ অভ্যাস৷ এই যি পুৱাই চাহকাপেৰে আৰম্ভ হ’ল গোটেই দিনটোৱেই কেইবা কাপো চাহ সেৱন কৰি থকাটো আৰু আন কিছুমানৰ নিয়মৰ লেখীয়া৷ মুঠৰ ওপৰত চাহ খোৱা অভ্যাসটো এটা নিচা৷ এই নিচা ভিন্নজনৰ বাবে ভিন্ন৷ পিছে চাহ সেৱন কৰোঁতে কিছু কথালৈ মন দিয়াটো অত্যন্ত জৰুৰী৷ বিশেষকৈ সঘনাই চাহ সেৱনকাৰীসকলে এবাৰতে চাহ বনাই সেই চাহেই পুনৰ গৰম কৰি খায় নেকি? যদি এই অভ্যাস আছে, তেন্তে আজিয়েই এই অভ্যাস পৰিত্যাগ কৰক৷ আপুনি নজনাকৈয়ে নহ’লে হ’ব পাৰে শৰীৰৰ মাৰাত্মক ক্ষতি৷ আনহাতে চাহ বিক্ৰেতাসকলেও একাধিকবাৰ গৰম কৰা চাহে গ্ৰাহকক পৰিৱেশন কৰা দেখা যায়৷ এইদৰে কৰাৰ ফলত চাহৰ গোন্ধ তথা সোৱাদ যিদৰে বিনষ্ট হয়, একেদৰে এই চাহ সেৱন কৰা শৰীৰৰ বাবে ক্ষতিকাৰক৷
একাধিকবাৰ বা বেছি সময় চাহ গৰম কৰাৰ ফলত চাহত থকা কেফেইন আৰু টেনিন দুয়োটাই নষ্ট হৈ যায়৷ এইদৰে গৰম কৰা চাহ খালে খাদ্যনলীৰ কেঞ্চাৰ ৰোগ হোৱাৰ সম্ভাৱনা থাকে৷
আনহাতে চাহৰ পাতত একধৰণৰ বেক্টেৰিয়া আৰু ভেঁকুৰ থাকে, যি গৰম অৱস্থা পালে বৃদ্ধি হয়৷ বাৰে বাৰে চাহ গৰম কৰাৰ ফলত এই বেক্টেৰিয়াৰ সংখ্যা যথেষ্ট পৰিমাণে বৃদ্ধি পায়৷ ফলত চকুৰ গ্লুকমা আৰু স্নায়ুত প্ৰভাৱ পৰিব পাৰে৷ এইধৰণৰ চাহ সেৱন কৰাৰ ফলত চকুৰ দৃষ্টিশক্তি কমি যোৱাৰ সম্ভাৱনা থাকে৷
চাহত উপকাৰী এণ্টিঅক্সিডেণ্ট কেথিচিন পোৱা যায়৷ আনহাতে গাখীৰত কেছিনজাতীয় প্ৰ’টিন থাকে৷ গাখীৰ মিহলি চাহ বাৰে বাৰে গৰম কৰাৰ ফলত কেথেচিন আৰু কেছিন মিহলি গৈ গ’লে চাহৰ উপকাৰী গুণ নষ্ট হয়৷ এইদৰে ঘনাই গৰম কৰা চাহ খালে হজমশক্তিৰ ওপৰত বিৰূপ প্ৰভাৱ পৰে৷ যাৰ বাবে ডায়েৰিয়া, পেটৰ বিভিন্ন সমস্যাই দেখা দিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here