এগ ফ্ৰিজিং কি? এই পদ্ধতিৰ দ্বাৰাকিদৰে ডিম্বাণু সংৰক্ষণ কৰে?

0
607


এগ ফ্ৰিজিং– এক আধুনিক বিজ্ঞানসন্মত ডিম্বাণু সংৰক্ষণ পদ্ধতি, যি পদ্ধতিত মহিলাসকলে ডিম্বাণু সংৰক্ষণ কৰি ৰাখিব পাৰে৷ এতিয়া বিশ্বজুৰি এই নৱতম পদ্ধতি এগ ফ্ৰিজিঙে মহিলাসকলৰ মাজত যথেষ্ট সমাদৰ লাভ কৰিছে৷ বিভিন্ন কাৰণত কিছুসংখ্যক মহিলাই বিয়াৰ পাছত সন্তান জন্ম দিয়াৰ কথা নাভাবে, অৰ্থাৎ বিয়াৰ হোৱাৰ কিছু বছৰ পাছতে তেনে দম্পতিয়ে সন্তান জন্ম দিয়াৰ পৰিকল্পনা কৰে৷ কিন্তু বেছি বয়সলৈকে পুৰুষসকল প্ৰজনন সক্ষম হৈ থাকে যদিও মহিলাৰ ক্ষেত্ৰত এই সম্ভৱ হৈ নাথাকে৷ সেয়ে নৱবিবাহিত দম্পতিয়ে পলমকৈ সন্তান জন্ম দিয়াৰ পৰিকল্পনা কৰিলে মহিলাৰ ক্ষেত্ৰত আগ ফ্ৰিজিং বা ডিম্বাণু সংৰক্ষণ কৰি ৰাখিলে পৰৱৰ্তী সময়ত মা হোৱাৰ বাবে কোনোধৰণৰ সমস্যাৰ নাথাকে৷ অৰ্থাৎ বয়স বাঢ়িলৈও তেনে মহিলাই গৰ্ভধাৰণ কৰি সন্তান জন্ম দিব পাৰে৷ এই ক্ষেত্ৰত উদাহৰণ হিচাপে বলিউডৰ অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাৰ নাম ল’ব পাৰি৷ প্ৰিয়ংকা চোপ্ৰাই কম বয়সতে ডিম্বাণু সংৰক্ষণ কৰি ৰাখিছিল৷
উচাইট ফ্ৰিজিং এনে এক বিজ্ঞানসন্মত পদ্ধতি, যাৰ মাধ্যমেৰে ডিম্বাণু ভৱিষ্যতৰ কাৰণে সংৰক্ষণ কৰি ৰাখিব পৰা যায়৷ খুব কম তাপমাত্ৰাত মাইনাছ জিৰোত এই সংৰক্ষণ কৰা হয়৷ ইয়াক ক্ৰায়োপ্ৰিজাৰ্ভেশ্যন বোলে৷ এগ ফ্ৰিজিং পদ্ধতিক লৈ এতিয়া বহুলভাৱে চৰ্চা হৈছি যদিও এই পদ্ধতি বহু আগৰে পৰা আছিল৷ মহিলাসকল এতিয়া বহুতেই স্বনিৰ্ভৰশীল৷ চাকৰি তথা কেৰিয়াৰৰ জামেলা চম্ভালতে যেতিয়া মাতৃত্বৰ সোৱাদ ল’বলৈ বিচাৰে, তেতিয়া বহুত মহিলাৰ সন্তান ধাৰণ কৰাৰ বয়স প্ৰায় নাথাকেই৷ কিন্তু এই আধুনিক চিকিৎসা পদ্ধতিৰে সন্তান ধাৰণ সম্ভৱ হৈ উঠে৷ আই ভি এফ বা ইনভিট্ৰো ফাৰ্টিলাইজেশ্যন পদ্ধতিৰে যি অসম্ভৱকো সম্ভৱ কৰাৰ পদ্ধতি বহুদিন আগতেই আৱিষ্কাৰ হৈছে৷ স্পাৰ্ম ফ্ৰিজিং বা শুক্ৰাণু সংৰক্ষণ যেনেদৰে কৰা হয়, ঠিক উচাইট ফ্ৰিজিং বা ডিম্বাণু সংৰক্ষণো কৰা সম্ভৱ৷ ইনভিট্ৰো ফাৰ্টিলাইজেশ্যন লেখীয়াই এই প্ৰক্ৰিয়াও৷ শৰীৰত হৰমন ইন্‌জেকশ্যন দি ডিম্বাণুৰ পৰিমাণ বঢ়োৱা হয়৷ তাৰ পাছত ডিম্বাণু এক্সট্ৰাক্ট কৰি বা বাহিৰ কৰি সংৰক্ষণ কৰা হয়৷ এই ক্ষেত্ৰত যি পদ্ধতি প্ৰয়োগ কৰা হয় তাক ভিট্ৰিফিকেশ্যন বোলে৷ এই ডিম্বাণুক তৰল নাইট্ৰজেনৰ মাইনাছ ১৯৬ ডিগ্ৰী চেলচিয়াছ তাপমাত্ৰাত সংৰক্ষণ কৰা হয়৷ ইয়াৰ আগতে ডিম্বাণুত যি পানীৰ পৰিমাণ থাকে, সেয়া বাহিৰ কৰি দিয়া হয়৷ কাৰণ ক্ৰায়োপ্ৰিজাৰ্ভেশ্যনৰ সময়ত অতিৰিক্ত পানী থাকিলে তাত ক্ৰিষ্টেল প্ৰস্তুত হৈ যায়৷ সেয়ে ভিট্ৰিফিকেশ্যন পদ্ধতিৰে ডিম্বাণুৰ পৰা পানী বাহিৰ কৰা হয়৷ ইয়াৰ পাছত ডি এম এছ অ’ নামৰ একধৰণৰ ৰাসায়নিক ব্যৱহাৰ কৰি ডিম্বাণুক মাইনাছ ১৯৬ ডিগ্ৰী চেলচিয়াছ তাপমাত্ৰাত সংৰক্ষণ কৰা হয়৷ এই হিমশীতল তাপমাত্ৰাত যিমান দিন সম্ভৱ ডিম্বাণু সংৰক্ষণ কৰি ৰাখিব পাৰি৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here