শৰীৰৰ ওজন কমাবলৈকেঁচা জলকীয়া কাৰ্যকৰী

0
426


বৰ্তমান প্ৰায়ভাগ লোকৰে মেদবহুলতাৰ সমস্যাই ভয়াৱহভাৱে দেখা দিছে৷ ইয়াৰ ফলত শৰীৰৰ একাধিক ৰোগৰ সৃষ্টি হ’ব পাৰে৷ প্ৰধানতঃ খাদ্যাভ্যাস, ফাষ্টফুডৰ প্ৰতি আকৰ্ষণ, শাৰীৰিক শ্ৰম নোহোৱা, আৰামপ্ৰিয় জীৱন আদি বিভিন্ন কাৰণত মেদবহুলতাই দেখা দিব পাৰে৷ এই সমস্যাই দেখা দিয়াৰ পাছতে বহুতেই জীমলৈ যোৱা, খাদ্যৰ পৰিৱৰ্তন, .ডায়েট আদি পদ্ধতি অৱলম্বন কৰে৷ আনহাতে কিছুমান এনে খাদ্য আছে, যিয়ে শৰীৰৰ ওজন হ্ৰাসত অৰিহণা যোগায়৷ জিন্দাল নেচাৰকিউৰ ইনষ্টিটিউটৰ ডায়েটিচিয়ান সুষমাৰ মতে কেঁচা জলকীয়াত কেপচাইচিন নামৰ এবিধ এণ্টিঅক্সিডেণ্ট থাকে, যিয়ে শৰীৰৰ মেটাবলিজম বঢ়াই দিব পাৰে৷ যাৰ ফলত শৰীৰৰ ওজন কমোৱাত সহায় কৰে৷ পুষ্টিবিদে জনোৱা মতে কেঁচা জলকীয়া খালে শৰীৰৰ ওজন কমিব পাৰে৷ দ্ৰুতভাৱে মেদ কমাবলৈ বেছিক্ষণ জিমত কটোৱাতকৈ কেঁচা জলকীয়া খালে সুফল লাভৰ সহজ উপায়৷ কেঁচা জলকীয়াত ১১ শতাংশ ভিটামিন, তিনি শতাংশ আইৰন তথা ভিটামিন-চি পোৱা যায়৷ কেঁচা জলকীয়াত ডায়েটৰী ফাইবাৰ থাকে, যিয়ে ওজন কমোৱাত সহায় কৰে৷ আনহাতে কেঁচা জলকীয়া কলেষ্টৰেল-বৰ্জিত৷ বিভিন্ন পুষ্টিগুণেৰে ভৰপূৰ কেঁচা জলকীয়াই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷ শৰীৰৰ অতিৰিক্ত চৰ্বি নোহোৱা কৰিবলৈ কেঁচা জলকীয়া সক্ষম৷ ওজন নিয়ন্ত্ৰণত ৰখাৰ উপৰি কেঁচা জলকীয়াই হৃদৰোগৰ সম্ভাৱনা কমাই ৰাখে৷ আনকি কেঞ্চাৰৰ কোষ ধবংস কৰি কেঞ্চাৰ ৰোগ হোৱাৰ সম্ভাৱনাও হ্ৰাস কৰিব পাৰে কেঁচা জলকীয়াই, অৰ্থাৎ ই কেঞ্চাৰ প্ৰতিৰোধী হিচাপে কাম কৰে৷ মন কৰিবলগীয়া যে দিনে ১২-১৫ গ্ৰাম কেঁচা জলকীয়া খোৱাটো যথেষ্ট৷ ইয়াৰ পৰিমাণ বেছি হ’লে এচিডিটি তথা অন্ত্ৰৰ আন সমস্যাই দেখা দিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here