বিভিন্ন তথ্যৰ পৰা পোৱা হৈছে যে মহাকাশত আৱৰ্জনাৰে পৰিপূৰ্ণ হৈ আছে৷ মহাকাশ অভিযানৰ সময়ত মহাকাশচাৰীয়ে ব্যৱহাৰ কৰা সামগ্ৰী, খাদ্যবস্তুৰ পেকেট আদিৰে মহাকাশত আৱৰ্জনাৰ সৃষ্টি কৰিছে৷ যাৰ ফলত পৰৱৰ্তী সময়ত যোৱা মহাকাশচাৰীসকল সমস্যাৰ সন্মুখীন হৈছে৷ মহাকাশত অকল গ্ৰহ, নক্ষত্ৰ থাকে, সেয়ে অনন্ত শূন্য আৰু আৱৰ্জনাও মুক্ত৷ কিন্তু সেই মহাকাশত আৱৰ্জনা জমা হ’বলৈ ধৰিছে পৃথিৱীৰ পৰা৷ পৃথিৱীৰ বিভিন্ন দেশে মহাকাশত কৃত্ৰিম উপগ্ৰহ নিক্ষেপ কৰে৷ সেই উপগ্ৰহবোৰৰ কৰ্ম অৰ্থাৎ কাৰ্যকাল শেষ কৰাৰ পাছতো কক্ষপথৰ পৰা আঁতৰ নকৰাৰ ফলত সেইটো তাতেই ৰৈ যায়৷ ডিছ নামৰ এটা সংস্থাই তেওঁলোকে পঠোৱা কৃত্ৰিম উপগ্ৰহৰ কাৰ্যকাল শেষ হোৱাৰ পাছতো সেইটো যথাযথ নিয়ম মানি কক্ষপথৰ পৰা বাহিৰ কৰি দিয়া নাই৷ যাৰ ফলত ইয়াৰ সামগ্ৰী আৱৰ্জনাক লৈ বাকী কৃত্ৰিম উপগ্ৰহৰ বাবে সমস্যাৰ সৃষ্টি কৰিছে৷ এইদৰে পাঁচ বছৰ ধৰি এইদৰে উপগ্ৰহটো ওপঙি আছে৷ ইয়াৰ ব্যৱস্থা গ্ৰহণ হিচাপে মাৰ্কিন ফেডাৰেল কমিউনিকেশ্যন্ছ কমিছনে এক দৃঢ় পদক্ষেপ গ্ৰহণ কৰিছে৷ এই ব্যৱস্থা হিচাপে মাৰ্কিন ফেডাৰেল কমিউনিকেশ্যনছ কমিছনে ডেৰ লাখ ডলাৰ জৰিমনা বিহিছে৷ এই জৰিমনাৰ পৰিমাণ ভাৰতীয় মূল্য হিচাপে এক কোটি ২৫ লাখ টকা৷ এই জৰিমনাই এক ইতিহাস ৰচনা কৰিছে৷ কাৰণ এই প্ৰথমবাৰৰ মহাকাশত আৱৰ্জনা জমা কৰা অপৰাধত কোনো সংস্থাকে জৰিমনা বিহা হোৱা নাছিল৷ উল্লেখ্য যে ডিছ নামৰ সংস্থাটোৱে ২০০২ চনত এই কৃত্ৰিম উপগ্ৰহটো মহাকাশলৈ পঠাইছিল