গ্ৰীনহাউছ গেছৰ প্ৰভাৱ কমাবলৈসপ্তাহৰ চাৰিদিন ঘৰতে কাম কৰাৰ পৰামৰ্শ

0
589


সমগ্ৰ বিশ্বৰ জলবায়ু পৰিৱৰ্তনৰ পৰা আৰম্ভ কৰি হিমবাহৰ বৰফ গলন, নানা প্ৰাকৃতিক দুৰ্যোগ আদি সকলোৰে নেপথ্যত আছে গ্ৰীনহাউছ গেছৰ প্ৰভাৱ৷ পৃথিৱীৰ জীৱাশ্ম জ্বলনৰ অতিৰিক্ত ব্যৱহাৰ, কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ বাঢ়ি যোৱাৰ কাৰণে গ্ৰীনহাউছ গেছৰ মাত্ৰা বিপদসীমাৰ ওপৰলৈ গতি কৰিছে৷ যাৰ প্ৰভাৱ পৰিছে মানৱ জীৱনত৷ আনহাতে এই গেছৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখিবলৈ মানুহৰ হাততে আছে ইয়াৰ সমাধান৷ গ্ৰীনহাউছ নিয়ন্ত্ৰণৰ বাবে সম্প্ৰতি এক অধ্যয়নত প্ৰকাশ পাইছে এক বিশেষ পদক্ষেপৰ কথা৷ নিয়মিতভাৱে অফিচলৈ যোৱাসকলৰ তুলনাত ঘৰতে বহি কাম কৰাসকলৰ এই ক্ষেত্ৰত ভূমিকা অধিক৷ কিয়নো অফিচলৈ গ’লে সকলো কৰ্মচাৰীয়ে সৰু-ডাঙৰ কিবা নহয় বাহন লৈহে যায়৷ সাম্প্ৰতিক এক গৱেষণাত দেখা গৈছে যে এই গ্ৰীনহাউছ গেছৰ পৰিমাণ কমোৱাত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰে তেওঁলোকে, যিসকলে ঘৰতে বহি অফিচত লাগতিয়াল কাম কৰে৷ পৰিৱেশত গ্ৰীনহাউছ গেছৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখিবলৈ অফিচ যাত্ৰীয়ে ঘৰতে কাম কৰ্মী তথা যিসকলে এই দুই পদ্ধতিত অভ্যস্ত, তেওঁলোকৰ ইয়াত কি প্ৰভাৱ পেলায়, সেই বিষয়ে আমেৰিকাৰ বিভিন্ন সংস্থাৰ পৰা তথ্য সংগ্ৰহ কৰিছে কৰ্নেল বিশ্ববিদ্যালয় তথা মাইক্ৰ’ছফটৰ গৱেষকসকলে৷ এই সন্দৰ্ভত এক প্ৰতিবেদন নেশ্যনেল একাডেমি অব ছায়েন্সত প্ৰকাশিত হৈছে৷ উক্ত প্ৰতিবেদনখনত কোৱা হৈছে যে ঘৰত বহি অফিচৰ কাম কৰাৰ ফলত পৰিৱেশত গ্ৰীনহাউছ গেছৰ পৰিমাণ দুই শতাংশপৰ্যন্ত কমি আহিব পাৰে৷ কৰ্মচাৰীয়ে অফিচলৈ যাওঁতে যি যান-বাহন ব্যৱহাৰ কৰে, তাৰ পৰা নিৰ্গত নাইট্ৰাছ অক্সাইড তথা কাৰ্বন-ডাই-অক্সাইডে পৰিৱেশত গ্ৰীনহাউছৰ পৰিমাণ যথেষ্ট বঢ়াই দিয়ে৷ সেয়ে যান-বাহনৰ ব্যৱহাৰ কম কৰিলে পৰিৱেশত পৰা ক্ষতি বহুখিনি লাঘৱ হয়৷ প্ৰতিদিনে নহ’লেও, সপ্তাহত অন্ততঃ চাৰিদিন ঘৰতে থাকি অফিচৰ কাম কৰিলে এই সমস্যা বহুখিনি নিয়ন্ত্ৰণত ৰাখিব পৰা যায় বুলি বিশেষজ্ঞ মহলে দাবী কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here