৮০০ কোটি লোকে এক লাখ বছৰ থাকিব পৰাকৈ চন্দ্ৰত আছে অক্সিজেন

0
540

চন্দ্ৰৰ দক্ষিণ মেৰুত ভাৰতৰ সফল অভিযানৰ পাছত এতিয়া জোনবাইৰ দেশত মানুহৰ বসতিস্থল স্থাপনক লৈ চৰ্চা আৰম্ভ হৈছে৷ কিন্তু ডাঙৰ কথাটো হ’ল চন্দ্ৰত মানুহে অক্সিজেন ক’ৰপৰা লাভ কৰিব৷ এই প্ৰশ্নৰ উত্তৰ দি বিজ্ঞানীসকলে প্ৰকাশ কৰিছে যে চন্দ্ৰত ইমানেই অক্সিজেন মজুত আছে যে ৮০০ কোটি লোকে অনায়াসে এক লাখ বছৰ বসবাস কৰিব পাৰিব৷ আনহাতে আমেৰিকাৰ মহাকাশ সংস্থা নাছা আৰু অষ্ট্ৰেলিয়াৰ মহাকাশ সংস্থাৰ এখন সম্পাদিত চুক্তি মতে নাছাৰ অৰ্টেমিছ অভিযানৰ অধীনত চন্দ্ৰলৈ এখন ৰ’ভাৰ প্ৰেৰণ কৰিব৷ এই ৰ’ভাৰখনে চন্দ্ৰপৃষ্ঠৰ শিল গটাব৷ এই শিলবোৰেই চন্দ্ৰত অক্সিজেন লাভ কৰাত সহায় কৰিব৷ চন্দ্ৰৰ বায়ুমণ্ডল অতি পাতল আৰু ইয়াত হাইড্ৰজেন, নিয়ন আৰু আৰ্গন গেছ আছে৷ এনেধৰণৰ বায়ুমণ্ডলত মানুহৰ দৰে জীৱ জীয়াই থাকিব নোৱাৰে৷ কিন্তু বিজ্ঞানীসকলে প্ৰকাশ কৰা অনুসৰি চন্দ্ৰত প্ৰচুৰ পৰিমাণে অক্সিজেন গেছ আছে৷ এই অক্সিজেন গেছীয় ৰূপত নাই, এই অক্সিজেন আছে ৰেজ’লিথত৷ চন্দ্ৰৰ পৃষ্ঠভাগ ৰেজ’লিথৰ দ্বাৰা গঠিত৷ বিজ্ঞানীসকলে কোৱা মতে আমাৰ পৃথিৱীত থকা বিভিন্ন খনিজতো অক্সিজেন আছে, একেদৰে চন্দ্ৰতো ৰেজ’লিথত অক্সিজেন সোমাই আছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here