সুস্বাস্থ্য ধৰি ৰাখিবলৈমাটিৰ কলহত থোৱা পানী খাওক

0
174


আদিম কালত মানুহে পানী খাওঁতে মাটিৰ পাত্ৰ ব্যৱহাৰ কৰিছিল৷ অকল পানী খোৱাৰ বাবেই নহয়, মাটিৰ পাত্ৰত ৰান্ধিছিলো৷ সেই সময়ত মানুহৰ আজিৰ দৰে পেটৰ কোনোধৰণৰ অসুখ নাছিল৷ কিন্তু যুগৰ পৰিৱৰ্তন লগে লগে মানুহে মাটিৰ বাচন বৰ্তন ব্যৱহাৰ কৰিবলৈ এৰিলে৷ আনকি মাটিৰ পাত্ৰ নোহোৱাই হৈ পৰিল৷ কিন্তু মাটিৰ পাত্ৰত খাদ্য গ্ৰহণ কৰিলে যে আচৰিত লাভ কৰিব পাৰে সেই কথা আগৰে পৰা মানুহে জানিছিল৷ মানুহে গৰমৰ দিনত মাটিৰ কলহত থোৱা পানী খোৱাৰ অভ্যাস বহু পুৰণি৷ ফ্ৰীজ তথা বিভিন্ন ধৰণৰ ফিল্টাৰ বজাৰলৈ অহাৰ পাছত আমাৰ মাজৰ পৰা এই অভ্যাস প্ৰায় নোহোৱা হৈ পৰিল৷ কিন্তু মাটিৰ কলহত থোৱা পানী খোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী৷ ইয়াৰ পৰা বহুতো ফল লাভ কৰিব পাৰি৷ মাটিৰ কলহত থোৱা পানীত খাদ্যপ্ৰাণ আৰু খনিজ থাকে বুলি কোৱা হয়৷ মাটিৰ কলহে পানী বিশুদ্ধ কৰাতো সহায় কৰে৷ ইফালে মাটিৰ কলহত থোৱাৰ পাছত পানীত ভিটামিনৰ উপৰি কেলচিয়াম, মেগনেচিয়াম আৰু পটাচিয়ামৰ মাত্ৰা কিছু পৰিমাণে বৃদ্ধি পায়৷ ইয়াৰ লগতে শৰীৰক অক্সিডেশ্যনৰ পৰা ৰক্ষা কৰা এণ্টিঅক্সিডেণ্টৰ মাত্ৰাও বৃদ্ধি পায় বুলি কোৱা হৈছে৷ ইয়াৰ ফলত মাটিৰ কলহত থোৱা পানী খালে পাচন প্ৰক্ৰিয়াও শক্তিশালী হয়৷ আনহাতে মাটিৰ কলহত থোৱা পানী শীতল হয় আৰু সেয়েহে শৰীৰ শীতল কৰি ৰখাতো সহায় কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here