দেশৰ ১৩৬ বিধ প্ৰজাতিৰউভচৰ প্ৰাণী বিলুপ্তিৰ গৰাহত

0
595


জলবায়ু পৰিৱৰ্তনৰ ভয়ংকৰ পৰিণতি মানৱ সমাজত তড়িৎ গতিত পৰিছে৷ বিশ্বৰ উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱৰ্তনৰ কুফল পৃথিৱীত থকা প্ৰতিটো জীৱৰ ওপৰতে পৰিছে, যাৰ কাৰণে জীৱকুলৰ জীৱন ধাৰণশৈলীক প্ৰভাৱিত কৰিছে৷ প্ৰকাশিত এক বাতৰি মতে, জলবায়ু পৰিৱৰ্তনৰ ফলত ভাৰতবৰ্ষত মুঠ ৪২৬টা উভচৰ প্ৰাণীৰ ভিতৰত ১৩৬টা প্ৰজাতি বিলুপ্তিৰ দিশে গতি কৰিছে৷ এই ১৩৬ বিধ উভচৰ প্ৰাণী বৰ্তমান অস্তিত্বৰ সংকটত ভুগিছে আৰু অচিৰেই এইসমূহৰ অস্তিত্ব পাবলৈ নাথাকিব৷ নেচাৰ নামৰ জাৰ্নেলখনত প্ৰকাশিত এক প্ৰতিবেদনত এই কথা কোৱা হৈছে৷ প্ৰতিবেদন মতে ভাৰতত কেৰালাত উভচৰ প্ৰাণীৰ ১৭৮টা বৰ্তমানলৈ উদ্ধাৰ কৰা হৈছে আৰু ইয়াৰে ৮৪টাই বিলুপ্তিৰ পথলৈ গতি কৰিছে৷ ঠিক একেদৰে তামিলনাডুত ১২৮টা উভচৰ প্ৰাণীৰ প্ৰজাতিৰ ভিতৰত ৫৪টা, কৰ্ণাটকত মুঠ উভচৰ প্ৰাণীৰ ১০০ টা প্ৰজাতিৰ ভিতৰত ৩০টা বৰ্তমান বিলুপ্তিৰ দিশে গতি কৰিছে৷ উল্লেখ্য যে সমগ্ৰ বিশ্বতে উভচৰ প্ৰাণীৰ সংখ্যা উদ্বেগজনকভাৱে হ্ৰাস পাবলৈ ধৰিছে আৰু ইয়াৰ প্ৰধান কাৰণ হিচাপে বিশ্বৰ উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱতে হৈছে বুলি কোৱা হৈছে৷ এই ধাৰা অব্যাহত থাকিলে অদূৰ ভৱিষ্যতে পৃথিৱীৰ পৰা উভচৰ প্ৰাণী নিঃশেষ হৈ যাব বুলিও ধাৰণা কৰা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here