এতিয়া সকলোৰে মোবাইলতেই হোৱাটছএপ মূল বস্তু৷ মোবাইলত হোৱাটছএপ নহ’লে সেই মোবাইল ব্যৱহাৰ কৰাৰ অৰ্থই নাথাকে৷ হাজাৰ হাজাৰ নিজা গ্ৰুপ, ছবি, ভিডিঅ’, ভিডিঅ’ কল আদি হোৱাটছএপৰ মাধ্যমেৰে কৰা হয়৷ আনলৈ কিবা এটা পঠাবলৈও মুখ্য মাধ্যমটোৱেই হোৱাটছএপ৷ নোটিফিকেশ্যন জোৰদাৰ৷ কিন্তু সকলোৱে সব গ্ৰুপেই যে নিজাকৈ জইণ্ট কৰে, সেয়া কিন্তু হয়৷ বন্ধু-বান্ধৱৰ মাজত গ্ৰুপ সৃষ্টিৰে কথোপকথন কৰা হয়৷ কিন্তু এতিয়াৰ পৰা এইদৰে সুবিধা পোৱা নাযাব৷ নতুন ফিচাৰ লৈ আহিছে হোৱাটছএপে৷ এতিয়াৰে পৰা কোনোবাই গ্ৰুপত যুক্ত হ’বলৈ হ’লে এই ফিচাৰৰ পৰা অনুমতি লৈহে যোগ হ’ব পাৰিব৷ হোৱাটছএপৰ এই নতুন ফিচাৰটোৰ নাম গ্ৰুপ ইনভাইটেশ্যন৷ এই ফিচাৰ আৰম্ভ হোৱাৰ পাছত এজন ব্যক্তি যি গ্ৰুপত যোগ দিবলৈ বিচাৰে সেয়া কৰিব পাৰে৷ কিন্তু আন কোনে ব্যক্তিত তেওঁ যুক্ত কৰিবলৈ বিচাৰিছে অনুমতিৰ প্ৰয়োজন হ’ব৷ ইতিমধ্যে iOS বিটা ইউজাৰসকলৰ বাবে এই ফিচাৰ আৰম্ভ হৈছে৷ WABetalnfo-ৰ দ্বাৰা এণ্ড্ৰয়েডৰ বিটা কোডতো দেখা গৈছে৷ জানিব পৰা মতে হোৱাটছএপতো শীঘ্ৰে আৰম্ভ হ’ব এই ফিচাৰটো৷ WABetalnfo-ই এক প্ৰতিবেদনত জনাইছে যে বৰ্তমান এই ফিচাৰৰ ওপৰত অধিক পৰীক্ষা চলি আছে৷ এই ফিচাৰ আৰু অধিক উন্নীতকৰণৰ প্ৰয়োজন আছে৷ সেয়ে এতিয়াই সকলো ইউজাৰৰ বাবে এই ফিচাৰ ব্যৱহাৰযোগ্য কৰিব বিচৰা নাই হোৱাটছএপে৷ আশা কৰা হৈছে হোৱাটছএপৰ একাউণ্টত এই ফিচাৰ সোনকালে প্ৰযোজ্য হ’ব৷ ইয়াৰ বাবে এই একাউণ্টৰ ছেটিংছত প্ৰাইভেচিত যাব লাগিব৷ তাত Last seen, Profile Photo, About, Status and Groups অপশ্যন থাকিব৷ আৰু তিনিটা অপশ্যন থাকিব– every, My contact, Nobody ৷ ইয়াৰ পৰা পচন্দমতে বিকল্প বাছি ল’ব লাগিব৷ এই ফিচাৰৰ সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয় হ’ল বন্ধু বা আত্মীয়ৰ কোনেও গ্ৰুপত যুক্ত কৰাবলৈ বিচাৰিলে এটা বিজ্ঞপ্তি আহিব৷ ইয়ো এটা একধৰণৰ নিমন্ত্ৰণে৷ গ্ৰাহকে ৭২ ঘণ্টাৰ ভিতৰত ইয়াৰ গ্ৰহণ অথবা প্ৰত্যাখ্যান কৰিব পাৰে৷ আনহাতে সম্প্ৰতি WABetalnfo-এ এক্সত জনাইছে যে হোৱাটছএপে তাৰ বিটা সংস্কৰণৰ কাৰণে এটা নতুন ডিজাইন আনিছে৷ এই ৰিডিজাইন আপডেট কৰিলে হোৱাটছএপৰ ছেটিংছৰ চেহেৰা তথা লেআউট সলনি হৈ যাব৷