সুখবৰ : ইউনেস্ক’ৰ স্বীকৃতিৰ দৌৰত অসমৰ এটা স্থাপত্য

0
521


ইউনেস্ক’ৰ স্বীকৃতি পোৱাৰ দিশে অসমৰ এটা স্থাপত্যই আগবাঢ়িছে৷ ইয়াৰ আগতে ইউনেস্ক’ৰ বিশ্ব ঐতিহ্যশালী স্থান হিচাপে স্বীকৃতি পাইছিল অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানে৷ এইবাৰ এই স্বীকৃতিৰ পোৱাৰ দিশে আগবাঢ়িছে চৰাইদেউ মৈদামে৷ শিৱসাগৰৰ পৰা ৩০ কিলোমিটাৰ দূৰত্বত অৱস্থিত পাহাৰীয়া এলেকাৰ স্থাপিত এই ঐতিহ্য স্থান আহোম ৰাজবংশৰ চিনস্বৰূপ চৰাইদেউ মৈদাম৷ এটা সময়ত এই ঠাইতে আহোম ৰাজ্যৰ প্ৰাচীন ৰাজধানী আছিল৷ এতিয়াও ইয়াৰ পিৰামিড সদৃশ সমাধিবোৰ আছে৷ ইয়াৰ সৈতে জড়িত হৈ আছে আহোম ৰাজ্যৰ বিৱৰণ তথা সেই ৰাজ্যৰ ৰাজত্বৰ ইতিহাস৷ ছয় বছৰীয়া আহোম ৰাজত্বকালৰ এই স্থানত ইউনেস্ক’ৰ প্ৰতিনিধি দলে পৰ্যবেক্ষণ কৰি ইয়াৰ পৰা সমল তথা তথ্য-পাতি সংগ্ৰহ কৰে৷ মৈদামক্ষেত্ৰত নৈসৰ্গিক শোভাই পৰ্যবেক্ষকৰ দলটোক মুগ্ধ কৰে৷ উক্ত প্ৰতিনিধিৰ দলটোৱে ইয়াৰ কীৰ্তিচিহ্নসমূহ পুংখানুপুংখভাৱে নিৰীক্ষণ কৰে৷ এই দলটোক নেতৃত্ব বহন কৰিছে ইউনেস্ক’ৰ মনুমেণ্টছ এণ্ড ছাইটছ কাউন্সিলৰ বিশেষজ্ঞ লিম চিং চিয়াঙে৷ তেওঁলোকে ইয়াৰ সংৰক্ষণৰ প্ৰচেষ্টা, সাৰ্বিক ব্যৱস্থাপনাৰ ব্লুপ্ৰিণ্ট, ভৱিষ্যতৰ পৰিকল্পনা তথা এই প্ৰচেষ্টাৰ সৈতে যুক্ত বিভিন্ন ব্যক্তি আৰু সংগঠনৰ ভূমিকা সম্পৰ্কে বুজ লয়৷ আনহাতে প্ৰতিনিধিৰ দলটোৱে আহোমৰ প্ৰথাগত ফুয়ালুং পূজাতো অংশগ্ৰহণ কৰে৷ উল্লেখ্য যে এই স্থানত আছে আহোম ৰাজবংশৰ বিভিন্ন সদস্যৰ সমাধি৷ সেয়ে চৰাইদেউৰ এই স্থানক পিৰাডিম অব্‌ আছাম হিচাপে চিহ্নিত কৰা হয়৷ ঐতিহাসিক এই ঠাইত ইউনেস্ক’ৰ বিশ্ব ঐতিহ্যশালী স্থান হিচাপে স্বীকৃতি দিয়াৰ বাবে মনোনীত কৰিছে কেন্দ্ৰীয় চৰকাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here