কৰ্কট ৰোগ সমগ্ৰ বিশ্বতে ভয়াৱহভাৱে বৃদ্ধি পাইছে৷ এই ৰোগ নিৰাময়ৰ বাবে বিভিন্ন দেশৰ বিজ্ঞানী মহলে অহৰহ চেষ্টা কৰি আছে যদিও ফলপ্ৰসূ সমাধান সূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই৷ যাৰ পৰিপ্ৰেক্ষিতত বিশ্বজুৰি বছৰি কেইবা লাখ লোকে এই ৰোগত প্ৰাণ হেৰুৱাবলগীয়া হৈছে৷ শেহতীয়াভাৱে এই ৰোগৰ চিকিৎসাৰ বাবে ব্ৰিটেইনত আন এক অভিনৱ পন্থা উদ্ভাৱন কৰিছে বিজ্ঞানীয়ে৷ কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে সূৰ্যতকৈও কেইবা কোটি গুণ উজ্জ্বল লেজাৰ আৱিষ্কাৰ কৰিছে ব্ৰিটেইনে৷ গ্ৰেট ব্ৰিটেইনৰ ছায়েন্স এণ্ড টেকনলজি ফেচেলিটিজ কাউন্সিলক ভালকান ছিষ্টেম উন্নত কৰিবলৈ ৮৫ কোটি নিযুত পাউণ্ডৰ পুজি যোগান ধৰিছে আৰু এই পুঁজিৰে বিশ্বৰ সবাতকৈ শক্তিশালী লেজাৰ নিৰ্মাণৰ পৰিকল্পনা কৰিছে ব্ৰিটেইনে৷ এই লেজাৰ বৈজ্ঞানিক গৱেষণাত ৰূপান্তৰকামী সৃষ্টি কৰিব আৰু পৰিচ্ছন্ন শক্তি আৰু কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে নতুন উদ্ভাৱন হিচাপে পৰিগণিত হ’ব৷ উল্লেখ্য যে ২০ গুণ শক্তি বৃদ্ধিৰে ভালকান ছিষ্টেমেৰে বিশ্বৰ শক্তিশালী লেজাৰ নিৰ্মাণ কৰা হ’ব৷ সূৰ্যতকৈও কোটি গুণ উজ্জ্বল এই লেজাৰ নিৰ্মাণৰ বাবে ব্ৰিটেইনে ব্যয় কৰিব ৮৫ নিযুত পাউণ্ড৷ গ্ৰেট ব্ৰিটেইনে এই শক্তিশালী লেজাৰ উদ্ভাৱনৰ জৰিয়তে জ্যোতিবিদ্যা আৰু পদাৰ্থ বিজ্ঞানত একপ্ৰকাৰ বৈজ্ঞানিক গৱেষণাত বৈপ্লৱিক পৰিৱৰ্তন অনাৰ প্ৰস্তুতি চলাইছে৷ জানিব পৰা মতে ২০২৯ চনত এই প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠিব আৰু বিশ্ববাসীয়ে কৰ্কট ৰোগ নিবাৰণৰ বাবে এখোজ আগুৱাব বুলি ধাৰণা কৰা হৈছে৷