আমি সৰুৰে পৰা মহাসাগৰ আৰু মহাদেশ বু্লিলে মহাসাগৰ পাঁচখন আৰু মহাদেশ সাতখন বু্লিহে পাই আহিছোঁ৷ কিন্তু সকলোকে আচৰিত কৰি সাতখন মহাদেশৰ বাহিৰেও আৰু এখন মহাদেশ আৱিষ্কাৰ কৰিছে বিজ্ঞানীয়ে৷ এই পৃথিৱীত সাতখন মহাদেশৰ বাহিৰেও আন এখন পৃথক ভূখণ্ড আছিল, যাৰ নাম জিলাণ্ডিয়া৷ কিন্তু সুদীৰ্ঘদিন ধৰি এই অষ্টম মহাদেশখন অন্তৰ্ধান হৈ আছিল যদিও অৱশেষত বিজ্ঞানীয়ে এই অষ্টম মহাদেশ জিলাণ্ডিয়াৰ সন্ধান লাভ কৰে৷ গৱেষণাৰ পৰা জনা গৈছে যে আজিৰ পৰা আঠ কোটি ৩০ লাখ বছৰ আগতে এই পৃথিৱীৰ অতি মহাদেশ আছিল৷ সেই অতিকায়, সুবৃহৎ মহাদেশখন ভাঙি গৈ টুকুৰা টুকুৰ হৈ পৰে আৰু সেই টুকুৰাবোৰ পাৰই একো একোখন নতুন মহাদেশৰ সৃষ্টি হয়৷ সেই সময়তে সৃষ্টি হৈছিল জিলাণ্ডিয়াও৷ কিন্তু প্ৰাকৃতিক কাৰণত এই মহাদেশখন এটা সময়ত পানীত তললৈ যায়৷ মাত্ৰ অস্তিত্ব হিচাপে থাকে কিছুমান সৰু বৰ দ্বীপ৷ একেই ধৰণৰ কেইবাটাও দ্বীপ নিউজিলেণ্ডত আছে৷ কিন্ত এই দ্বীপবোৰ মহাদেশখনৰ ভূখণ্ডৰ মাত্ৰ ছয় শতাংশহে৷ এই জিলাণ্ডিয়াৰ বয়স কমপক্ষেও ১০০ কোটি বছৰ হ’ব বুলি অধ্যয়নৰ পৰা জনা গৈছে৷ ১৬৪২ চনতে এই মহাদেশখন থকা বুলি দাবী কৰা হৈছিল যদিও ২০১৭ চনত ভূতত্ত্ববিদসকলে জিলাণ্ডিয়া আৱিষ্কাৰ কৰে আৰু বিজ্ঞানীসকলে ইয়াৰ সীমাৰেখা আঁকিবলৈ সক্ষম হয়৷