বৈদিক যুগৰ সকলোতকৈ পৱিত্ৰ নদী হিচাপে বিবেচিত কৰা হয় সৰস্বতী নদীক৷ এই নদীৰ পানী সেৱন কৰিলেই ঋষি মুনিসকলে বেদ ৰচনা তথা বৈদিক জ্ঞানৰ প্ৰসাৰ ঘটাইছিল৷ কিন্তু আজি এই নদীৰ অস্তিত্ব পাবলৈ নাই, আজি নদীখনেই শুকাই গৈ হেৰাই গ’ল প্ৰকৃতিৰ বুকুত৷ ক’ব পাৰি সৰস্বতী নদী এতিয়া অন্তঃসলিল৷ আজিকালি এই নদীখন বৈ থকা দেখা নাযায়৷ ইয়াৰ পাছতো এটা ডাঙৰ কাৰণ আছে৷ কথিত আছে যে এই নদী হিমালয়ৰ ছিৰমাউৰ অঞ্চলৰ পাহাৰীয়া অংশৰ পৰা উৎপত্তি হৈছিল৷ উৎপত্তিস্থলৰ পৰা এই নদীখনে ক্ৰমে আম্বালা, কুৰুক্ষেত্ৰ, কাইথাল তথা পাটিয়ালাৰ মাজেৰে প্ৰবাহিত হৈ ছিৰছাৰ দৃষ্টিবতী নদীত মিলিত হৈছিল৷ আজিও পৌৰাণিক কাহিনীত এই নদীৰ গুৰুত্ব অপৰিসীম৷ কিন্তু বাস্তৱিকতে এই নদীখন পৃথিৱীৰ পৰা বিলুপ্তি হৈ গৈছে৷ হাজাৰ বছৰ আগতে এই নদীখন প্ৰবাহিত হৈ আছিল যদিও অভিশাপৰ কাৰণে ইয়াৰ পানীভাগ শুকাই যায়৷ সেয়েহে বৰ্তমান সময়ত ইয়াৰ অস্তিত্ব মাত্ৰ নামমাত্ৰহে ৰৈছে৷ সৰস্বতী নদীক বৈদিক সভ্যতাৰ বৃহত্তম আৰু প্ৰধান নদী হিচাপে ধৰা হৈছিল৷ ভাৰতীয় মহাকাশ সংস্থা ইছৰ’ৰ এটা গৱেষণাৰ পৰা জানিব পৰা মতে আজিও এই নদীখন হাৰিয়ানা, পঞ্জাব তথা ৰাজস্থানৰ মাজেৰে ভূগৰ্ভত প্ৰবাহিত হৈ আছে৷ এই নদীৰ আকাৰ ইমান বিশাল যে পাহাৰ ভেদি সমতল ভূমিৰ মাজেৰে আৰব সাগৰত মিলিছে৷ আনহাতে বিজ্ঞানীসকলে গৱেষণাত পোৱা মতে বহু বছৰ আগেয়ে এক ভয়াৱহ ভূমিকম্প হৈছিল৷ ইয়াৰ ফলত মাটিৰ তলৰ পাহাৰ ওপৰলৈ উঠি আহিছিল৷ সৰস্বতী নদীখন এই ভূমিকম্পত অস্তিত্ব নোহোৱা হৈ পৰে৷ ইয়াৰ ফলত সৰস্বতী নদী যমুনাৰ সৈতে মিলিত হৈ যমুনাৰ লগত একেলগে প্ৰবাহিত হ’বলৈ ধৰে আৰু সৰস্বতী নদীখন প্ৰকৃতিৰ বুকুৰ পৰা হেৰাই যায়৷