বোটক্স নকৰাকৈ মুখত পৰা বয়সৰচাপ নিৰ্মূল কৰিবলৈ এই ফেচপেক

0
328


পিঁয়াজৰ ৰসৰ সৈতে মৌ, হালধি, নেমুৰ ৰস মিহলাই এটা পেক প্ৰস্তুত কৰক৷ প্ৰয়োজন হ’লে ভিটামিন-ই কেপছুল এটাও মিহলাই ল’বলৈ নাপাহৰিব৷ এই মিশ্ৰণটোৰে মুখৰ টান টান ভাব নোহোৱা কৰি মুখখন মসৃণ কৰি তোলে৷
মুখত যদি অতিৰিক্ত ক্ৰিম, লোচন ব্যৱহাৰ কৰা হয়, তেনেহ’লে মুখখন যিমান বেছি মুলায়েম হ’ব তাতকৈ বেছি ৰুক্ষ বা শুকান হৈয়ে যায়৷ আনহাতে যিসকল নিয়মিতভাৱে মেকআপ কৰে তেওঁলোকৰ ক্ষেত্ৰততো এই সমস্যা আৰু ভয়াৱহ হয়৷ এনে বহু মহিলা আছে, যিসকলে দৈনিক মেকআপ নকৰাকৈ নাথাকে৷ কেনেবাকৈ এই মেকআপ যদি ৰাতি শোৱাৰ সময়ত পৰিষ্কাৰ কৰা নহয়, তেন্তে ছালখনৰ ক্ষতি হোৱাটো নিতান্তই স্বাভাৱিক৷ কিয়নো ইয়াৰ ফলত মুখৰ ছাল ৰন্ধ্ৰবোৰ বন্ধ হৈ যায়৷ ছালখনৰ মাজেৰে বায়ু চলাচল কৰিব নোৱাৰে৷ যাৰ ফলত ছালখন সোনকালে কোঁচ খাই যায়, মুখত দাগ পৰিবলৈ আৰম্ভ কৰে৷ সেয়েহে দৈনিক মুখখন পৰিষ্কাৰ কৰাটো অৱশ্যে প্ৰয়োজনীয় কাৰ্য৷ আনহাতে ৰাতি মুখখন ভালদৰে ধোৱাৰ পাছত নাইট ক্ৰীম নসনাকৈ নাথাকিব৷ মেকআপে যিহেতু কম বয়সতে ছানখন কোঁচ খুৱাব পাৰে, সেয়ে বহুতেই ফেচিয়েল, ব্লিচিং, টেন ৰিমুড এইবোৰ কৰে৷ বয়সৰ চাপ নোহোৱা কৰিবলৈ সকলোতকৈ জনপ্ৰিয় চিকিৎসা হ’ল বোটক্স৷ বহুতেই পাৰ্লাৰলৈ গৈ বোটক্স কৰায়৷ কিন্তু এই পদ্ধতি যথেষ্ট ব্যয়বহুল আৰু খৰচী হোৱা বাবে ঘৰতে কম খৰচতে বোটক্স কৰিব পাৰে৷ ইয়াৰ বাবে এইদৰে প্ৰস্তুত কৰক৷ কেইটামান পিঁয়াজ লৈ এটা কাচৰ পাত্ৰত ৰস উলিয়াই লওক৷ ইয়াৰ পাছত পিঁয়াজৰ ৰসখিনিত ডেৰ চামুচ কৰ্নফ্লাৱাৰ মিহলাই দিব৷ ইয়াৰ লগতে উক্ত মিশ্ৰণটোত অলপমান হালধি মিহলি কৰি পাঁচ মিনিটমান গৰম কৰিব৷ ঠাণ্ডা কৰি লৈ মিশ্ৰণটো ঘন হৈ পৰিলে তাত অলপ নেমুৰ ৰস মিহলাই দিব৷ যিয়ে ব্ৰুনৰ সমস্যা নিৰ্মূল কৰে লগতে যিসকল মুখত ক’লা দাগ আছে, তেওঁলোকে যথেষ্ট সুফল লাভ কৰিব৷ এইধৰণৰ সমস্যাৰ বাবে নেমুৰ ৰস উপকাৰী৷ উক্ত প্ৰস্তুত হোৱা পেকটোত ভিটামিন-ই কেপছুল মিহলাই ল’লে ভাল৷ এতিয়া আপোনাৰ পচন্দৰ বোটক্স ক্ৰিম প্ৰস্তুত হৈ গ’ল৷ এই মিশ্ৰণটো মুখৰ লগতে চকুৰ তলৰ ভালদৰে সানি দিব৷ ২৫ মিনিটমান ৰখাৰ পাছত পৰিষ্কাৰ পানীৰে মুখখন ধুই দিব৷ একেই পদ্ধতিৰে এই মিশ্ৰণটোৰে আপুনি মুখত মাছাজো কৰিব পাৰে৷ দুই-তিনি সপ্তাহৰ পাছতে আপুনি এটা ভাল ৰিজাল্ট দেখিবলৈ পাব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here