বিশ্বৰ উষ্ণতা বৃদ্ধিয়ে দক্ষিণ মেৰুৰজলবায়ু স্পৰ্শকাতৰ কৰি তুলিছে

0
160


বিশ্বৰ উষ্ণতা বৃদ্ধিয়ে দক্ষিণ মেৰুৰ জলবায়ু স্পৰ্শকাতৰ কৰি তুলিছে৷ দক্ষিণ মেৰু সামুদ্ৰিক গ্ৰীষ্ম প্ৰৱাহৰ সন্মুখীন হোৱাৰ লগতে বৰফ গলাৰ দৰে চৰম পৰিস্থিতিৰ সন্মুখীন হৈছে৷ এই পৰিস্থিতিয়ে অধিক ভয়াৱহ ৰূপ লোৱাৰ আশংকা প্ৰকাশ কৰিছে গৱেষকসকলে৷ বিজ্ঞানীসকলৰ মতে কুমেৰুৰ পৰিস্থিতিয়ে চৰম ৰূপ ল’বলৈ ধৰিছে৷ বৰফ পানীৰ তলত থকা অংশৰ সামান্য ভাগতে এতিয়া ওপৰত ওলাই থাকিবলৈ লৈছে৷ আন কথাত অধিক হাৰত বৰফ গলিবলৈ ধৰিছে৷ এটা অধ্যয়নৰ পৰা এই কথা কোৱা হৈছে৷ গৱেষকসকলে কয় যে দক্ষিণ মেৰুৰ পৰিস্থিতি ক্ৰমাৎ স্পৰ্শকাতৰ হৈ পৰিছে আৰু ভৱিষ্যতে এই পৰিৱেশ অধিক শোচনীয় আৰু ক্ষতিকাৰক হৈ পৰাৰ আশংকা কৰা হৈছে৷ ইয়াৰ সুৰক্ষাৰ বাবে এতিয়াই ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজন বুলিও লগতে সতৰ্ক কৰি দিয়ে অধ্যয়নটো কৰা গৱেষকসকলৰ দলটোৱে৷ এক্সেটৰ বিশ্ববিদ্যালয়ৰ গৱেষকসকলৰ মতে, দক্ষিণ মেৰুত দেখা পোৱা পৰিৱৰ্তনৰ প্ৰভাৱ সমগ্ৰ বিশ্বতে পৰিছে৷ তেওঁলোকৰ মতে দক্ষিণ মেৰুক সংৰক্ষিত কৰি ৰখাৰ আটাইতকৈ ভাল উপায়টো হ’ল গ্ৰীন হাউছ গেছৰ নিৰ্গমণ সম্পূৰ্ণৰূপে প্ৰতিৰোধ কৰাটো৷ অধ্যয়নটোৰ পৰা লগতে এই কথাও কোৱা হৈছে যে দক্ষিণ মেৰুত দ্ৰুত গতিত হোৱা পৰিৱৰ্তনৰ ফলত ভালেমান দেশে আন্তঃৰাষ্ট্ৰীয় সন্ধি উলংঘা কৰিব লগা হ’ব পাৰে৷ তেওঁলোকে জনোৱা মতে, দক্ষিণ মেৰু সন্ধিত স্বাক্ষৰ কৰা দেশবোৰৰ ভিতৰত ব্ৰিটেইন, আমেৰিকা, ভাৰত, চীনকে ধৰি কেইবাখনো দেশে এই দুৰ্গম মহাদেশখনৰ পৰিৱেশ সংৰক্ষণ কৰাৰ বাবে সংকল্প লৈছিল৷ উল্লেখ্য যে যোৱা বছৰ দক্ষিণ মেৰুৰ পূব অঞ্চলত আটাইতকৈ প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহ হৈছিল৷ ইয়াৰ ফলত শীত কালত কম পৰিমাণে বৰফ জমা হৈছিল৷ আনহাতে এই পৰিস্থিতিয়ে দক্ষিণ মেৰুৰ জৈৱ-বৈচিত্ৰ্যকো প্ৰভাৱিত কৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here