শাৰীৰিক অনুশীলনে শিশুকমানসিক চাপৰ পৰা মুক্ত ৰাখে

0
198


মানসিক চাপৰ পৰা মুক্ত হৈ থাকিবলৈ সাধাৰণতে প্ৰাপ্তবয়স্ক লোকসকলক শাৰীৰিক অনুশীলন কৰাৰ পৰামৰ্শ দিয়া হয়৷ শাৰীৰিকভাৱে সক্ৰিয় হৈ থকাটোৱে মানসিক চাপৰ কৰাত বহু পৰিমাণে সহায় কৰে বুলি কোৱা হয়৷ কিন্তু শেহতীয়াকৈ জানিব পৰা মতে, শাৰীৰিক অনুশীলনে শিশুসকলকো সকলোধৰণৰ মানসিক চাপৰ সৈতে মোকাবিলা কৰাত সহায় কৰে৷ বেছল বিশ্ববিদ্যালয়ৰ গৱেষকৰ নেতৃত্বত ১০-১৩ বছৰৰ শিশুক লৈ এই অধ্যয়নটো কৰা হৈছিল৷ গৱেষকসকলে এই বুলি মত প্ৰকাশ কৰে যে যদিহে শিশুক দৈনিক যথেষ্ট কচৰৎ কৰিবলৈ দিয়া হয়, তেতিয়া মানসিক চাপৰ সুন্দৰকৈ মোকাবিলা কৰিব পাৰে৷ অধ্যয়নটোত শিশুসকলক এটা চেন্সৰ পিন্ধিবলৈ দিয়া হৈছিল, যাৰ জৰিয়তে সিহঁতৰ দৈনন্দিন কাম-কাজত চকু ৰখা হৈছিল৷ ইয়াৰ পাছত তেওঁলোকক উত্তেজনাপূৰ্ণ আৰু উত্তেজনাপূৰ্ণ নোহোৱা কাম কৰিবলৈ দিয়া হৈছিল৷ সেই সময়ত তেওঁলোকক কাহিনী পঢ়িবলৈ দিয়া আৰু কম সময়ৰ ভিতৰত ইয়াৰ বিষয়ে প্ৰশ্ন কৰা, অংক কৰিবলৈ দিয়াৰ দৰে মানসিক চাপ থকা কাম কৰিবলৈ দিয়া হৈছিল৷ ইয়াৰ পাছত তেওঁলোকক কোনোধৰণৰ মানসিক চাপ বা উত্তেজনা নথকা কাম কৰিবলৈ দিয়া হৈছিল৷ গৱেষকসকলে ইয়াৰ লগতে তেওঁলোকৰ লেলাৱতিৰ নমুনা সংগ্ৰহ কৰিছিল যাতে কৰ্টিছলৰ মাত্ৰাৰ বিষয়ে জানিব পাৰি৷ ইয়াৰ পৰা তেওঁলোকে জানিব পাৰিলে যে যিসকল শিশুৱে নিয়মীয়াকৈ কচৰৎ কৰে তেওঁলোকৰ লেলাৱতিত কৰ্টিছলৰ মাত্ৰা কম পোৱা গৈছে৷ আন কথাত তেওঁলোকে উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সহজে মোকাবিলা কৰিব পাৰিছে৷ আনহাতে নিয়মীয়া অনুশীলন নকৰা শিশুসকলৰ লেলাৱতিত কৰ্টিছলৰ মাত্ৰা অধিক পোৱা গৈছিল৷ গৱেষকসকলে কয় যে নিয়মীয়াকৈ অনুশীলন কৰা শিশুসকলৰ মনোবৈজ্ঞানিক প্ৰতিক্ৰিয়া কম দেখা পোৱা গৈছিল৷ তেওঁলোকে অপৰিচিত পৰিস্থিতিতো নিজকে নিয়ন্ত্ৰণ কৰিব পাৰে৷ শিশুসকলে দৌৰা, সাঁতোৰাৰ দৰে অনুশীলন কৰাৰ সময়ত মগজুত কৰ্টিছলৰ মাত্ৰা বৃদ্ধি পোৱাৰ ফলত ইতিবাচক প্ৰভাৱ পৰে৷ ফলত পৰীক্ষাৰ সময়ত তেওঁলোকৰ কৰ্টিছলৰ মাত্ৰা বৰ বেছি বৃদ্ধি নাপায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here