সাধাৰণতে মিছৰৰ নাম শুনিলেই চকুৰ আগত মিছৰৰ পিৰামিডটোৱে ভাহি উঠে৷ ইয়াৰ লগতে চাৰিওফালে বালি আৰু বালি, বালিৰ অন্তৰে অন্তৰে কেৱল থিয় হৈ থকা পিৰামিডে চকু স্তম্ভিত কৰে আৰু মনত এক অন্তৰ চুই যোৱা শিহৰণৰ সৃষ্টি হয়৷ প্ৰাচীন মিছৰৰ নানা কাহিনীয়ে আজিও মানুহৰ অবাক কৰি ৰাখে৷ মিছৰৰ যুগে বহু ইতিহাসৰ সাক্ষী বহন কৰে৷ এই সভ্যতাই মানৱ সমাজলৈ বহু আপুৰুগীয়া সম্পদ দিছে৷ সেই মিছৰৰ যুগে মানৱ সভ্যতাক এনে কিছুমান সামগ্ৰী উপহাৰ হিচাপে দিছে, যি আজিৰ যুগতো সমানে গুৰুত্ব লাভ কৰি আছে৷ ইয়াৰ লগতে এইবোৰ সামগ্ৰী অবিহনে যেন আজিৰ জনজীৱনো অচল হৈ পৰিব৷ সেই বস্তুবোৰৰ কাৰ্যকাৰিতা প্ৰাচীন সময়ত যিদৰে আছিল আজিও ইয়াৰ ব্যৱহাৰ একেই প্ৰয়োজনীয় হৈয়ে আছে৷ সেই তালিকাত প্ৰথম নাম ল’ব লাগিব টুথপেষ্ট৷ সেই সময়ত মিছৰত টুথপেষ্ট গুড়িজাতীয় মিশ্ৰণ হিচাপে ব্যৱহাৰ কৰা হৈছিল৷ যি কাৰ্যতঃ মিছৰীয়সকলৰ দাঁত পৰিষ্কাৰ কৰাৰ কামত লাগিছিল৷ সেয়াই আছিল বিশ্বৰ প্ৰথমবিধ মাজন, যি গুড়ি আকাৰত পোৱা গৈছিল৷ ইয়াৰ উপৰি গোটেই বিশ্বক প্ৰাচীন মিছৰ যুগত তলা-চাবি উপহাৰ হিচাপে দি গৈছে৷ ছয় হাজাৰ বছৰ আগতেই এই তলা চাবিৰ ব্যৱহাৰ শিকিছিল মিছৰৰ সভ্যতাৰ পৰা৷ সেই সময়ত কাঠেৰে প্ৰস্তুত কৰা তলাই সকলোকে চমক দিছিল৷ যি তলা খুলিবলৈ এবিধ বিশেষ পেনৰ আকাৰৰ চাবিৰ আৱশ্যক হৈছিল৷ পৰৱৰ্তী সময়ত অৱশ্যে এই কাঠৰ তলা-চাবিৰ সলনি ধাতুৰে প্ৰস্তুত কৰা হয়৷ কিন্তু মিছৰত যি কাঠৰ তলা দেখা গৈছিল, সেয়া কিন্তু যথেষ্ট কাৰ্যকৰী আছিল৷ মিছৰ সেই সময়তে ইমান উন্নত আছিল যে মিছৰে বিশ্বক নানা ব্যৱহাৰ্য সমাগ্ৰী দিবলৈ সক্ষম হৈছিল, যাৰ গুৰুত্ব আজিও বিদ্যমান৷