কেতিয়াবা হঠাতে হাতেৰে চকু মোহাৰি দিয়াৰ ফলত আমাৰ চকুৰ ওপৰত সূতাৰ লেখীয়া বগা বগা কিছুমান পদাৰ্থ চকুত ওপৰত ভাহি উঠা দেখা যায়৷ হঠাতে এইধৰণৰ পদাৰ্থ প্ৰত্যক্ষ কৰিলে আমাৰ মনতে ভাব হয় যে চকুৰ পৰা কৃমিজাতীয় কীট ওলাই আহিল নেকি? মানৱ দেহ তথা প্ৰাণীদেহ বিভিন্ন কোষৰ দ্বাৰা গঠিত৷ এইধৰণৰ অজানা কথা সম্পৰ্কে বা শৰীৰৰ গঠন সম্পৰ্কে থকা ৰহস্যবোৰৰ সন্দৰ্ভত দীৰ্ঘদিন ধৰি গৱেষণা কৰি আহিছে৷ তেওঁলোকে জানিবলৈ বিচাৰিছে কিদৰে মানৱদেহত কাম-কাম সম্পন্ন হয়৷ এই গৱেষণাৰ জৰিয়তে বিভিন্ন ৰোগ তথা নিৰাময় আৰু নতুন কোষ সৃষ্টিৰ বিষয়ে বিজ্ঞানীয়ে জানিব পাৰিছে৷ তাৰ ভিতৰত যেতিয়া চকু হাতেৰে মোহৰা হয়, তেতিয়া চকুৰ পৰা ওলোৱা বগা বগা সূতাৰ দৰে পদাৰ্থবোৰ সম্পৰ্কেও বিজ্ঞানীয়ে ব্যাখ্যা দাঙি ধৰিছে৷ গৱেষকে সদৰী কৰা অনুসৰি চকুৰ ওপৰত ভাসমান এই তন্তুবোৰৰ বৈজ্ঞানিক নাম আই ফ্লোটাৰ৷ বহুতেই হয়তো জানি অবাক হ’ব যে চকুৰ ওপৰত সূতাৰ দৰে বগা এই ভাসমান তন্তুবোৰ আচলতে আমাৰ শৰীৰৰ শ্বেত ৰক্তকণিকা৷ যিবোৰ দেখাত পৰজীৱীৰ দৰে৷ কিন্তু বাস্তৱিকতে এইবোৰ দেহৰ কোষহে মাত্ৰ৷