জলবায়ু পৰিৱৰ্তন তথা বিশ্বৰ উষ্ণতা বৃদ্ধিয়ে সমগ্ৰ পৃথিৱীতে গভীৰ প্ৰভাৱ পেলাইছে৷ ইয়াৰ ফলত বিশ্বৰ সাগৰ-মহাসাগৰসমূহৰ লগতে বায়ুমণ্ডলো গৰম হ’বলৈ ধৰিছে৷ শেহতীয়াভাৱে আমেৰিকাৰ গৱেষকসকলে নদীসমূহত বিশ্বৰ উষ্ণতা বৃদ্ধি তথা জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ সম্পৰ্কে অধ্যয়ন কৰি ভয়াৱহ তথ্য দাঙি ধৰিছে৷ এই অধ্যয়নটোৰ পৰা জানিব পৰা মতে জলবায়ু পৰিৱৰ্তনৰ ফলত বিশ্বৰ নদীসমূহো গৰম হ’বলৈ ধৰিছে৷ কেৱল সিমানেই নহয়, পৰিস্থিতিয়ে তাতোকৈও ভয়াৱহ ৰূপ ধাৰণ কৰিছে আৰু নদীসমূহত অক্সিজেনৰ পৰিমাণ দিনক দিনে হ্ৰাস পাবলৈ ধৰিছে৷ অধ্যয়নটোৰ পৰা জানিব পৰা মতে নদীসমূহত অক্সিজেনৰ পৰিমাণ কমি যোৱাৰ হাৰ সাগৰ-মহাসাগৰতকৈ কেইবাগুণো অধিক বুলি সদৰী কৰিছে৷ ইয়াৰ ফলত নদীসমূহৰ পাৰিপাৰ্শ্বিক তন্ত্ৰৰ যথেষ্ট ক্ষতি হৈছে আৰু দৈনিক বৃহৎ হাৰত মাছকে ধৰি ইয়াত থকা আন প্ৰাণীসমূহৰ মৃত্যু হৈছে৷ উল্লেখ্য যে পে ষ্টেটৰ নেতৃত্বত গৱেষকসকলে বিশ্বৰ ৮০০খন নদীক লৈ এই অধ্যয়নটো কৰিছিল৷ ইয়াৰ পৰা গৱেষকৰ দলটোৱে এই কথা জানিব পাৰে যে প্ৰায় ৮৭ শতাংশ নদীৰ পানী গৰম হ’বলৈ ধৰিছে আৰু প্ৰায় ৭০ শতাংশ নদীৰ পানীত অক্সিজেনৰ পৰিমাণ হ্ৰাস পাইছে৷ অধ্যয়নটোৰ পৰা এই কথা অনুমান কৰা হৈছে যে অহা সাতটা দশকত বিশেষকৈ আমেৰিকাৰ দক্ষিণৰ অঞ্চলবোৰত থকা নদীবোৰৰ পানীত অক্সিজেনৰ পৰিমাণ ইমানেই কমি যাব যে তাত থকা সকলো মাছৰ প্ৰজাতিয়েই বিলুপ্ত হৈ পৰিব৷ উল্লেখ্য যে এই অধ্যয়নটো কৰাৰ বাবে গৱেষকসকলে কৃত্ৰিম বুদ্ধিমত্তা আৰু ডিপ লাৰ্নিং প্ৰণালী ব্যৱহাৰ কৰিছিল৷