মানুহেই দায়ী : পৃথিৱীত কীট-পতংগৰ সংখ্যা হ্ৰাস

0
241


বিশ্বত কীট-পতংগৰ সংখ্যা দিনক দিনে হ্ৰাস পাবলৈ ধৰিছে৷ ইয়াৰ বাবে ঘাইকৈ জগৰীয়া মানুহ৷ বিজ্ঞানীসকলে জানিব পৰা মতে, উত্তৰ আমেৰিকা আৰু ইউৰোপত কীট-পতংগৰ সংখ্যা হ্ৰাস পাইছে৷ প্ৰায় ৮৩টা অধ্যয়নৰ সমীক্ষা কৰি তেওঁলোকে এই কথা প্ৰকাশ কৰিছে৷ কীট-পতংগ হ্ৰাস পোৱাৰ সম্পৰ্কত বিজ্ঞানীসকল এই মতত উপনীত হৈছে যে মানুহৰ কাৰ্যকলাপৰ বাবেই সেইটো হ’বলৈ পাইছে৷ বিজ্ঞানীসকলে কয় যে মানুহৰ কাৰ্যকলাপৰ কীট-পতংগত প্ৰত্যক্ষভাৱে প্ৰভাৱ নপৰিলেও এটা কথা ঠিক যে সিহঁতৰ বাসস্থানত নি(য় প্ৰভাৱ পেলাইছে৷ কীট-পতংগৰ পৰিৱেশৰ লগতে আনকি মানুহৰ অস্তিত্বৰ সৈতে গভীৰ সম্পৰ্ক আছে৷ জাৰ্মানিত কৰা এটা অধ্যয়নৰ পৰা জানিব পৰা মতে, ইউৰোপৰ লগতে বিশ্বৰ আন বিভিন্ন অঞ্চলত কীট-পতংগৰ সংখ্যা দ্ৰুত গতিত হ্ৰাস পাইছে৷ ইয়াৰ প্ৰধান কাৰণ হ’ল মানুহৰ কাৰ্যকলাপ, যাৰ প্ৰভাৱ পৰিছে কীট-পতংগৰ বাসস্থানত৷ অধ্যয়নটোত পূৰ্বতে কৰা ৮২টা অপ্ৰকাশিত অধ্যয়ন বিশ্লেষণ কৰা হৈছিল৷ এই অধ্যয়নবোৰত দুটা প্ৰজাতিক বিশেষভাৱে গুৰুত্ব দিয়া হৈছিল৷ এই প্ৰজাতিবোৰৰ সংখ্যা শেহতীয়াকৈ যথেষ্ট হ্ৰাস পাইছে৷ ইয়াৰ উপৰি মানুহৰ কাৰ্যকলাপৰ প্ৰভাৱ পৰিছে কীট-পতংগতো৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here