আমেৰিকাত হ্ৰাস পাইছেভগৱানত আস্থা থকা লোকৰ সংখ্যা

0
437


আমেৰিকাত ভগৱান, স্বৰ্গ তথা নৰক আৰু চয়তানৰ প্ৰতি থকা আস্থাৰ ভাব দিনক দিনে হ্ৰাস পাবলৈ ধৰিছে৷ দেশখনত কৰা এটা সমীক্ষাৰ পৰা এই কথা জানিব পৰা গৈছে৷ আমেৰিকাত এতিয়া মাত্ৰ ৭৪% লোকেহে ভগৱানৰ প্ৰতি আস্থা ৰাখিছে৷ ২০০১ চনত ভগৱানৰ প্ৰতি ভৰসা ৰখা লোকৰ সংখ্যা আছিল ৯০%৷ আনহাতে স্বৰ্গ এখন থকা বুলি বিশ্বাস কৰা লোকৰ সংখ্যাও হ্ৰাস পাইছে৷ ২০০১ চনত দেশখনৰ ৮৩% লোকে বিশ্বাস কৰিছিল যে স্বৰ্গ আছে৷ কিন্তু এতিয়া স্বৰ্গ থকা বুলি বিশ্বাস কৰা লোকৰ সংখ্যা ৬৭%লৈ হ্ৰাস পাইছে৷ আনহাতে নৰক থকা বুলি বিশ্বাস কৰা লোকৰ সংখ্যা ২০০১ চনত ৭০%ৰ পৰা ২০২৩ চনত ৫৮%লৈ হ্ৰাস পাইছে৷ দেৱদূত থকা বুলি বিশ্বাস কৰা লোকৰ সংখ্যা ২০০১ চনত ৭৮%ৰ পৰা এতিয়া ৭০%লৈ হ্ৰাস পাইছে৷ ভগৱানৰ প্ৰতি আস্থা থকা লোকৰ সংখ্যা কুৰি বছৰত ১৬% হ্ৰাস পাইছে৷ ইয়াৰ বিপৰীতে চয়তান থকা বুলি বিশ্বাস কৰা লোকৰ সংখ্যা এই কুৰি বছৰত হ্ৰাস পাইছে দহ শতাংশহে৷ ২০০১ চনত চয়তান থকা বুলি বিশ্বাস কৰা লোকৰ সংখ্যা আছিল ৬৮%৷ এতিয়া এনে লোকৰ সংখ্যা হ্ৰাস পাইছে ৫৮%লৈ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here