সমীক্ষা : কেইটামান বছৰৰ ভিতৰতে ডুবিব পাৰে পৃথিৱীৰ সিংহভাগ

0
308

এইবাৰ পানীয়ে মানৱ সভ্যতাক সংকটত পেলাব নেকি? কিয়নো যি অধ্যয়নৰ তথ্য পোহৰলৈ আহিছে সেয়া যেন তাৰেই ইংগিত দিছে৷ তথ্যই সদৰী কৰা মতে আৰু কেইটামান বছৰৰ পাছত পৃথিৱীৰ সিংহভাগ অংশই পানীত ডুব যাব৷ যদি এইটোৱে সত্য হয় তেনেহ’লে পৃথিৱীৰ ডুবিবলৈ আৰু বেছি বছৰ নাই৷ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ পিটাৰ্ছবাৰ্গৰ কাৰ্নেগি মেলন বিশ্ববিদ্যালয়ৰ গৱেষকে অধ্যয়নৰ পৰা জনোৱা মতে, পৃথিৱীৰ উষ্ণতা আৰু মাত্ৰ ১.৫ ডিগ্ৰী বাঢ়ি গ’লেই বিশ্বৰ ৫০ শতাংশ হিমবাহ গলি যাব৷ যি হিমবাহৰ পানীভাগ সমুদ্ৰত মিহলি হৈ জলস্তৰৰ উচ্ছতা ২১০০ বছৰৰ ভিতৰত ৩.৫ ইঞ্চি বঢ়াই দিব৷ ইয়াৰ ফলত সমুদ্ৰৰ তীৰৱৰ্তী স্থলভাগৰ পানীত ডুব যাব আৰু ইয়াৰ কাৰণে অশনি সংকেত হৈ পৰিব৷ গৱেষণাটোত বিস্তাৰিতভাৱে জনোৱা মতে যদি বিশ্বৰ গড় উষ্ণতা আৰু ২.৭ ডিগ্ৰী বাঢ়ে, তেনেহ’লে মধ্য ইউৰোপ, পশ্চিম কানাডা, মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু আলাস্কাৰ সকলো হিমবাহ গলি পানীলৈ ৰূপান্তৰিত হ’ব৷ আনহাতে বিশ্বৰ উষ্ণতা যদি ৪ ডিগ্ৰী বাঢ়ে, তেন্তে বিশ্বব্ৰহ্মাণ্ডৰ যিমানখিনি হিমবাহ আছে তাৰে ৮০ শতাংশই গলি নাইকিয়া হ’ব৷ যিয়ে সমুদ্ৰৰ জলস্তৰ ১৫ ছেণ্টিমিটাৰপৰ্যন্ত বঢ়াই দিব৷ এনে ঘটনাই সমগ্ৰ বিশ্বত ভয়ংকৰ পৰিৱেশৰ সৃষ্টি কৰিব৷ উল্লেখ্য যে বিশ্ব উষ্ণায়নৰ জৰিয়তে জলবায়ুৰ যথেষ্ট পৰিৱৰ্তন ঘটিছে৷ ইয়াৰ ফলত মৰু অঞ্চলৰ বৰফৰ পুৰু স্তৰ পাতল হৈ গৈছে৷ আনহাতে বিশ্বজুৰি জমা হোৱা বৰফ য’তেই গলিবলৈ ধৰিছে, তাতেই মানৱ সভ্যতা সংকটৰ দিশে গতি কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here