মহামাৰীৰ আগজাননী দিবকৃত্ৰিম বুদ্ধিমত্তাৰ নতুন প্ৰণালীয়ে

0
386


কৃত্ৰিম বুদ্ধিমত্তাই সমগ্ৰ বিশ্বকে হাত কৰিছে৷ তথ্য-প্ৰযুক্তিৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰতে কৃত্ৰিম বুদ্ধিমত্তাই গ্ৰাস কৰি পেলাইছে৷ আধুনিক জগতৰ সকলো কামেই এতিয়া কৃত্ৰিম বুদ্ধিমত্তা অিবহনে যেন অচল হৈ পৰিছে৷ বৰ্তমান অৱস্থাত কৃত্ৰিম বুদ্ধিমত্তাই এইদৰে খোজ পেলাইছে যে কিছু বছৰৰ পাছত কৃত্ৰিম বুদ্ধিমত্তাৰ বিনে গত্যন্তৰ নাথাকিব৷ আনহাতে কৃত্ৰিম বুদ্ধিমত্তাই ভৱিষ্যতে মানৱ সমাজৰ বুদ্ধি, জ্ঞান তথা মানুহৰ প্ৰতিভাকো চেৰ পেলাব বুলি ধাৰণা কৰা হৈছে৷ ইয়াৰ মাজতে শেহতীয়াভাৱে বিজ্ঞানীয়ে মহামাৰীৰ বিষাণুৰ ক্ষতিকাৰক ৰূপ চিনাক্ত কৰিবলৈ কৃত্ৰিম বুদ্ধিমত্তাই নতুন প্ৰণালী উদ্ভাৱন কৰিছে৷ অদূৰ ভৱিষ্যতে বিশ্ববাসীয়ে যদি কোনো মহামাৰী তথা অচিন ভয়াৱহ ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি হয় অথবা মহামাৰীৰ দ্বাৰা জনতা আক্ৰান্ত হয়, তেন্তে কৃত্ৰিম বুদ্ধিমত্তাৰ এই নতুন প্ৰণালীয়ে তাৰ বহু পূৰ্বে ইয়াৰ আগজাননী দিব৷ ইয়াৰ উপৰি এই মহামাৰীৰ সংক্ৰমণ ৰোধ তথা প্ৰতিকাৰ আৰু নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো কৃত্ৰিম বুদ্ধিমত্তাই সহায় কৰিব৷ বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ ‘হু’ই জানিবলৈ দিয় যে নতুন প্ৰজাতিৰ ভেৰিয়েণ্ট বা বিষাণুৰ লক্ষণ তথা ইয়াৰ প্ৰভাৱ চিনাক্তকৰণৰ ক্ষেত্ৰত ই বড নামৰ এক বিশেষ কৃত্ৰিম বুদ্ধিমত্তাই সহযোগ আগবঢ়াব৷ উল্লেখ্য যে কভিড মহামাৰীয়ে সমগ্ৰ বিশ্বৰে জনজীৱন বিপৰ্যস্ত কৰি হাজাৰ হাজাৰ লোকৰ প্ৰাণ কাঢ়ি নিয়ে৷ সেয়ে মহামাৰীক ধৰা পেলাব পৰা তথা মহামাৰীৰ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তাই সহায়ৰ হাত আগবঢ়োৱা খবৰে সকলোৱে মনত আশাৰ সঞ্চাৰ হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here