খালী পেটত নিমপাত খাওকপাব আচৰিত লাভ

0
289


এটা সাধাৰণ কথা হ’ল য়ে আমাৰ সমাজত সকলোৰে পদূলিমুখত এটা নিমগছ থকাটো এটা পৰম্পৰাৰ লেখীয়া৷ নিমগছ অহিবনে পদূলিমুখ উকা যেন লাগে৷ অকল সৌন্দৰ্য বৃদ্ধিৰ বাবেই নহয়, নিমগছৰ মানৱ সমাজৰ কাৰণে নিমগছ অতি আৱশ্যক৷ নিমগছৰ উপকাৰিতাৰ বিয়য়ে আমি সকলোৱে জানো৷ নিম পাত খাবলৈ অতি তিতা হ’ব পাৰে কিন্তু ইয়াৰ উপকাৰ বহুত৷ নিম পাত চোবাই বা পিহি পানীত গুলি খালে স্বাস্থৰ ভালেখিনি উপকাৰ হয়৷ নিম পাতে তেজ পৰিষ্কাৰ কৰে৷ আনহাতে নিম গছৰ পাত আৰু ছাল আয়ুৰ্বেদত বিভিন্ন ৰোগৰ ঔষধ প্ৰস্তুত কৰাত ব্যৱহাৰ কৰা হয়৷ নিম পাতৰ কীটনাশক গুণ আছে৷ ইয়াৰ পাতে বেক্টেৰিয়া, ফাংগাছ, ইনফেকশ্যন আদিৰ পৰা ৰক্ষা কৰে৷ যিকোনো ধৰণৰ ছালৰ ৰোগত নিম পাত পিহি ব্যৱহাৰ কৰিব পাৰি৷ নিম পাত এণ্টিঅক্সিডেণ্ট৷ নিমপাতে প্ৰদাহ প্ৰতিৰোধ কৰে৷ ই মানুহক বিভিন্নধৰণৰ বেক্টেৰিয়া, ভাইৰাছ আৰু ফাংগাছৰ পৰা মানুহক ৰক্ষা কৰিব পাৰে৷ ইয়াৰ লগতে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণতো সহায় কৰে৷ অৱশ্যে উচ্চ ৰক্তচাপত ভোগা লোকে নিমপাত সেৱন কৰিবলৈ লোৱাৰ আগতে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে৷ ইয়াৰ লগতে পেটত থকা হানিকাৰক বেক্টেৰিয়াও নিম পাতে নাশ কৰিব পাৰে৷ গেষ্ট্ৰিকৰ সমস্যা সমাধান কৰাতো নিমপাতে সহায় কৰে আৰু পাচন প্ৰক্ৰিয়া শক্তিশালী কৰাত সহায় কৰে৷ ইফালে নিয়মীয়াকৈ নিমপাত সেৱনে বহুমূত্ৰ ৰোগ নিয়ন্ত্ৰণতো সহায় কৰে৷ নিমপাত বিভিন্ন ধৰণৰ ছালৰ ৰোগত ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰি৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here