সাৱধান : কেৰালাত নিপা ভাইৰাছৰ সংক্ৰমণ

0
313


কেৰালাৰ কোঝিকোড় জিলাত নিপা ভাইৰাছত আক্ৰান্ত হৈ দুজন লোকৰ মৃত্যু হোৱাৰ পৰিপ্ৰেক্ষিতত কেৰালা চৰকাৰে কোঝিকোড়ৰ সাতখন গাঁও পঞ্চায়তক কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰে৷ ভাইৰাছটোৰ সংক্ৰমণ ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰখনে কিছুমান বাধা নিষেধ আৰোপ কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে৷ কোঝিকোড়ত এটা ন বছৰীয়া ল’ৰাসহিতে চাৰিজন লোক নিপা ভাইৰাছত আক্ৰান্ত হোৱাৰ পাছত ৰাজ্যখনৰ স্বাস্থ্য বিভাগে সতৰ্কবাণী প্ৰেৰণ কৰি আক্ৰান্ত অঞ্চলৰ কিছুমান বিদ্যালয় আৰু কাৰ্যালয় সাময়িকভাৱে বন্ধ কৰি দিয়ে৷ কেৰালাৰ স্বাস্থ্য মন্ত্ৰী বীণা জৰ্জে ৰাজ্যৰ বিধানসভাত অৱগত কৰা অনুসৰি বাংলাদেশ ভেৰিয়েণ্টৰ এই নিপা ভাইৰাছটো মানুহৰ পৰা মানুহৰ শৰীৰলৈ বিয়পি পৰে আৰু ইয়াৰ মৃত্যুৰ হাৰ অধিক৷ পূৰ্বতে ২০১৮ আৰু ২০২১ চনত ৰাজ্যখনত নিপা ভাইৰাছৰ প্ৰাদুৰ্ভাৱ ঘটিছিল৷ এতিয়ালৈকে ১৩০জন লোকক নিপা ভাইৰাছৰ পৰীক্ষা কৰা হৈছে৷ আনহাতে এন আই ভি, পুনেৰ পৰা এটা দল কেৰালালৈ আহি কোঝিকোড় চিকিৎসা মহাবিদ্যালয়ত এটা ভ্ৰাম্যমাণ পৰীক্ষাগাৰ স্থাপন কৰিব বুলি ৰাজ্যখনৰ স্বাস্থ্য বিভাগে সদৰী কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here