এই ঘৰুৱা উপায়েৰে ইউৰিকএচিডৰ সমস্যাৰ পৰা চিৰমুক্তি পাওক

0
540


ইউৰিক এচিড হ’ল তেজত উপস্থিত থকা একপ্ৰকাৰ বৰ্জ্য পদাৰ্থ৷ পিউৰিন নামৰ যৌগৰ বিপাকৰ মাধ্যমেৰে ইউৰিক এচিড তৈয়াৰ হয়৷ সাধাৰণ অৱস্থাত ইউৰিক এচিড কিডনী বা মূত্ৰৰ জৰিয়তে বাহিৰ হয়৷ আচলতে যেতিয়া আমি পিউৰিনসমৃদ্ধ খাদ্য বেছিকৈ খোৱা হয়, তেতিয়া দেহত ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি পাবলৈ ধৰে৷ যাৰ ফলত শৰীৰত ইউৰিক এচিডৰ ক্ৰিষ্টেল প্ৰস্তুত হয়৷ সেয়ে শৰীৰত ইউৰিক এচিডৰ সমস্যা নোহোৱা কৰিবলৈ ঘৰুৱা কিছু কৌশলৰ বিষয়ে আলোচনা কৰিবলৈ লৈছে৷
গৱেষণাত প্ৰকাশ পোৱা মতে ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধিৰ সৈতে দেহৰ বি এম আই তথা মেটাবলিক ছিণ্ড্ৰম এটা সম্পৰ্ক আছে৷ সেয়ে ডায়েট বা ব্যায়ামৰ জৰিয়তে শৰীৰৰ ওজন নিয়ন্ত্ৰণ কৰা আৱশ্যক৷ ইয়ে তেজৰ ইউৰিক এচিডৰ মাত্ৰা কমাই দিয়ে৷
আনহাতে এক্সাৰচাইজ কাৰণে শৰীৰৰ পৰা ঘাম বাহিৰ হৈ বহু সময়ত ডিহাইড্ৰেশ্যন হয়৷ ইয়াৰ ফলত শৰীৰত ইউৰিক এচিডৰ মাত্ৰা বঢ়াই দিব পাৰে৷ সেয়ে শৰীৰৰ বাবে পৰ্যাপ্ত পানী অৰ্থাৎ দৈনিক অন্তত ৬-৮ গ্লাছ পানী সেৱন কৰাটো অতি জৰুৰী৷ অৰ্থাৎ শৰীৰত ইউৰিক এচিড বঢ়াৰ অন্যতম কাৰণ হ’ব পাৰে ডিহাইড্ৰেশ্যন৷
পিউৰিন সমৃদ্ধ খাদ্যই ইউৰিক এচিডৰ মাত্ৰা বঢ়াই দিয়ে৷ সামুদ্ৰিক খাদ্য, মাছ আদি খালে তেজত ইউৰিক এচিডৰ মাত্ৰা বাঢ়ি যায়৷ ইয়াৰ লগতে মটৰমাহ, মচুৰ দাইল আদি মাহজাতীয় শস্যই পিউৰিন পোৱা যায়৷ সেয়ে এইবোৰ খাদ্য এৰাই চলক৷
মিঠাই, পানীয় বা ছফ্‌ট ড্ৰিংকছত যথেষ্ট পৰিমাণে ফ্ৰুক্টোজ পোৱা যায়৷ চেনিজাতীয় এই উপাদানে ডায়েবেটিছ ওবেছিটি প্ৰভৃতিৰ আশংকা বৃদ্ধি কৰে৷ সেয়ে ইউৰিক এচিডৰ মাত্ৰা নিয়ন্ত্ৰণৰ বাবে এইবোৰ এৰাই চলক৷
এক গৱেষণাত দেখা গৈছে যে ইউৰিক এচিডৰ মাত্ৰা হ্ৰাস কৰাত দুগ্ধজাত পণ্যৰ যথেষ্ট অৰিহণা আছে৷ সেয়ে ইউৰিক এচিডৰ সমস্যা সমাধানৰ বাবে দুগ্ধজাত পণ্য সামগ্ৰী খাদ্যত নিয়মীয়াভাৱে ৰাখক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here