মাছৰ তেলে হাৰ্ট সুস্থ ৰাখে কি কয় পুষ্টিবিদে ?

0
336


মাছৰ লগতে মাছৰ তেলো খাবলৈ বহুতেই পচন্দ কৰে৷ মাছৰ লগতে ইয়াৰ তেলো খাদ্যগুণেৰে ভৰপূৰ৷ মাছৰ তেল নিয়মিতভাৱে খালে হাৰ্টৰ স্বাস্থ্যৰ ক্ষেত্ৰত উপকাৰীনে, মাছৰ তেলে কিধৰণে উপকাৰ সাধন কৰে আদি বহু প্ৰশ্নই উঠে৷ মাছৰ তেলৰ স্বাস্থ্য উপকাৰিকা সম্পৰ্কে বিশিষ্ট পুষ্টিবিদ ঈশানী গংগোপাধ্যায়ে কি কয় জানো আহক৷ মাছৰ তেলত এচেনচিয়াল ফেটি এচিডৰ ভাণ্ডাৰ পোৱা যায়৷ যাৰ ফলত মাছৰ তেল খালে শৰীৰত ওমেগা থ্ৰী ফেটি এচিডৰ নাটনি পূৰণ হয়৷ লগতে এই ফেটি এচিডে শৰীৰৰ একাধিক গুৰুত্বপূৰ্ণ কামত সহায় কৰে৷ বিশেষকৈ, মস্তিষ্কৰ বিকাশৰ পৰা আৰম্ভ কৰি চকুৰ ৰেটিনাৰ গঠন, আনকি মেনষ্টুয়াল পেইন নিৰাময়ৰ বাবেও মাছৰ তেলে সকাহ দিয়ে৷ আনহাতে মাছৰ তেলে গৰ্ভৱস্থাত মহিলাগৰাকীৰ সৰু ডাঙৰ বিভিন্ন সমস্যা সমাধান কৰি ৰখাত সহায় কৰে৷ সেয়েহে নিয়মিত খাদ্য তালিকাত মাছৰ তেল থাকিলেও কোনো ক্ষতি নহয় বুলি পুষ্টিগৰাকীয়ে জানিবলৈ দিয়ে৷ মাছৰ তেলত ডি এইচ এ তথা ই পি এ পোৱা যায়৷ এই দুই উপাদান হাৰ্টৰ কাৰণে অত্যন্ত উপকাৰী৷ ইতিমধ্যে আমেৰিকাৰ হাৰ্ট এছ’চিয়েশ্যনে এই কথা জানিবলৈ দিছে৷ এই দুই উপাদানে শৰীৰৰ বেয়া কলেষ্টৰেলৰ মাত্ৰা কমাই ভাল কলেষ্টৰেলৰ মাত্ৰা বঢ়াবলৈ আৰম্ভ কৰে৷ তদুপৰি মাছৰ তেলে হাই ব্লাড প্ৰেছাৰ নিয়ন্ত্ৰণত ৰখাত সহায় কৰে৷ সেয়েহে মাছৰ তেল খালে হাৰ্ট এটেক, হাৰ্ট ফেইলৰৰ দৰে ঘাতকজনিত সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি বুলি পুষ্টিবিদ গংগোপাধ্যায়ে জানিবলৈ দিয়ে৷ শৰীৰত ওমেগা থ্ৰী ফেটি এচিডৰ ঘাটনি পূৰাবলৈ প্ৰতিদিনে অন্তত ১০০ গ্ৰাম মাছ খোৱাটো দৰকাৰ, অৰ্থাৎ দিনে দুপিচকৈ মাছ খালে শৰীৰত ওমেগা ফেটি এচিডৰ চাহিদা পূৰ হ’ব৷ জানি থোৱা ভাল যে স্থানীয়ভাৱে পোৱা ৰৌ, বৰালি, ভকুৱা আদি মাছৰ তুলনাত টুনা, ছাৰ্ডিন, হেৰিং আদি বিদেশী সাগৰীয় মাছৰ তেল থালে বেছি উপকাৰ পোৱা যায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here