শৰীৰত জমা হোৱা ময়লাআঁতৰাবলৈ ঘৰুৱাভাৱে এই টিপছ

0
477


প্ৰায়ভাগ মানুহে মুখৰ সৌন্দৰ্য বঢ়াবলৈ নানা উপায় অৱলম্বন কৰে, কিন্তু শৰীৰৰ আন অংগসমূহ ফালে মনোযোগ দিয়াত অৱহেলা কৰে৷ যাৰ কাৰণে ক্ৰমান্বয়ে ছালখনত ময়লা জমা হ’বলৈ আৰম্ভ কৰে৷ এইক্ষেত্ৰত ঘৰতে প্ৰস্তুত কৰা কিছু প্ৰণালী ব্যৱহাৰ কৰিব পাৰে৷ আজিকালি পৰিৱৰ্তনশীল জীৱনধাৰা তথা ভুল খাদ্যাভ্যাসৰ কাৰণে ছাল সম্পৰ্কীয় সমস্যাবোৰ বাঢ়িবলৈ ধৰিছে৷ এনে পৰিস্থিতিত মানুহে ছাল সংক্ৰান্ত সমস্যাৰ পৰা মুক্তি পাবলৈ বিভিন্ন উপায় অৱলম্বন কৰা দেখা যায়৷ আনহাতে মুখৰ উজ্জ্বলতা বঢ়াবলৈ বিভিন্ন ধৰণৰ ফেচপেক অথবা স্ক্ৰাব ব্যৱহাৰ কৰা হয়৷ ইয়াৰ লগতে ছালখন সুস্থ কৰি ৰাখিবলৈ ছালৰ যত্নৰ ৰুটিন অনুসৰণ কৰাৰ পৰামৰ্শ দিয়া হয়৷ যাৰ ফলত শৰীৰৰ ঔজ্জ্বল্য যিদৰে বজাই থাকে, একেদৰে ছাল সুস্থ আৰু নিৰোগী হয়৷ ইয়াৰ লগতে ছালৰ মৃত কোষবোৰে নোহোৱা হয়৷ ইয়াৰ কাৰণে আপুনি কম খৰচতে ঘৰতে কিছু সামগ্ৰী প্ৰস্তুত কৰি ছালখনৰ ময়লা নোহোৱা কৰি সুস্থ ৰাখিব পাৰে৷
চেনি এবিধ খুব ভাল তথা দৰকাৰী স্ক্ৰাব৷ চেনিৰে ছালখন স্ক্ৰাব কৰিলে মৃত কোষবোৰ আঁতৰি ছালখন উজ্জ্বল হৈ পৰে৷ ইয়াৰ বাবে এটা পাত্ৰত অলপ চেনি লৈ তাত ২-৩ চামুচ নাৰিকল তেল বা বাদাম তেল ভালকৈ মিহলাই লৈ শৰীৰত মাচাজ কৰক৷ মাচাজ কৰাৰ কিছু সময় ৰাখি পাছত পৰিষ্কাৰ পানীৰে ধুই দিব৷
শৰীৰৰ পৰা মৃত কোষ নোহোৱা কৰিবলৈ কফি কাৰ্যকৰী৷ ইয়াত থকা কেফেইনে ছালখন টানটান কৰি ৰাখি ছালৰ উজ্জ্বলতা বৃদ্ধি কৰে৷ কফিৰ স্ক্ৰাব প্ৰস্তুতৰ বাবে অলপ কফি লৈ তাত অলিভ অইল মিহলাই এটা পেষ্ট তৈয়াৰ কৰক৷ এই পেষ্টটোৰে গোটেই শৰীৰ মাচাজ কৰি পাছত পানীৰে ধুই দিব৷
সংবেদনশীল ছালৰ বাবে ওটমিলৰ স্ক্ৰাব সকলোতকৈ কাৰ্যকৰী৷ এই স্ক্ৰাব প্ৰস্তুত কৰিবলৈ এটা পাত্ৰত প্ৰথমে ওটছ লৈ তাত দৈ ভালদৰে মিহলাই লওক৷ এই স্ক্ৰাবটো শৰীৰৰ ভালদৰে লগাই পাছত ধুই দিব৷
মচুৰ দাইলৰ স্ক্ৰাবে আপোনাৰ ছালখন নৰম, কোমল কৰি ৰাখে৷ ইয়াৰ বাবে অলু মচুৰ দাইল মিস্কিত পিচি লৈ তাত মৌ আৰু অলিভ অইল ভালদৰে মিহলাই ল’ব৷ এই মিশ্ৰণটো শৰীৰৰ ভালদৰে মাচাজ কৰি কিছু সময় পাছত পৰিষ্কাৰ পানীৰে গাটো ধুই দিব৷
আপুনি যদি ছালখনৰ স্তৰ মসৃণ-কোমল কৰিবলৈ বিচাৰে তেনেহ’লে চাউল বা আটাৰে তৈয়াৰী স্ক্ৰাব ব্যৱহাৰ কৰিব পাৰে৷ চাউল বা আটাৰ স্ক্ৰাব প্ৰস্তুতৰ বাবে প্ৰথমে চাউল বা আটাৰ গুৰি লৈ তাত দৈ বা পানী যোগ কৰি এটা পেষ্ট তৈয়াৰ কৰক৷ এই পেষ্টটো গোটেই গাতে ভালদৰে সানি দিয়ক৷ কিছু সময় পাছত পানীৰে গাটো ধুই দিব৷ এসপ্তাহতে ইয়াৰ ফল লাভ কৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here